বিশ্বনাথ, ২০ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে বিশ্বনাথত বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত হয় ষট পূজা । চাৰিদিনীয়াকৈ আৰম্ভ হোৱা এই ষট পূজাৰ শনিবাৰে পুৱা উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে সামৰণি পৰিব ।
বিশ্বনাথত পৰম্পৰাগত ৰীতি নীতিৰে ষট পূজা উদযাপন - বিহাৰী সম্প্ৰদায়ৰ লোক
সূৰ্য দেৱতাক উপসনাৰ বাবে ষট পূজা পালন কৰা হয়। এই পূজাত সূৰ্যদেৱতাৰ পৃথিৱীৰ জীৱৰ বাবে অৰিহণাৰ বাবে ধন্যবাদ জনোৱা হয়।
বিশ্বনাথত পৰম্পৰাগত ৰীতি নীতিৰে ষট পূজা উদযাপন
সূৰ্য দেৱতাক উপসনাৰ বাবে এই ষট পূজা উদযাপন কৰা হয়। এই পূজাত সূৰ্যদেৱতাৰ পৃথিৱীৰ জীৱৰ বাবে অৰিহণাৰ বাবে ধন্যবাদ জনোৱা হয়। অসমৰ আন আন ঠাই লগতে বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত শুকুৰবাৰে এই পূজাৰ বাবে বিহাৰী সম্প্ৰদায়ৰ লোক সকলে নদীৰ পাৰলৈ গৈ পূজা আগবঢ়ায় ।
লগতে পঢ়ক: কৰ'ণা ভাইৰাছ নাশ হোৱাৰ কামনাৰে জাজৰি দলংঘাটত ষট পূজা