অসম

assam

বিশ্বনাথত আৰম্ভ হ'ল অসম ৰাজ্যিক পৰিবহন নিগমৰ নতুন ভাৰত বেঞ্জ বাছৰ চলাচল

ইতিমধ্যে গুৱাহাটী মহানগৰীত ইলেক্ট্ৰিক বাছ চলাচল কৰি আছে আৰু দ্বিতীয় খন অহা জানুৱাৰী মাহত বিশ্বনাথত এই কাম সম্পূৰ্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷

By

Published : Dec 20, 2020, 8:05 PM IST

Published : Dec 20, 2020, 8:05 PM IST

biswanath astc new bus
বিশ্বনাথত আৰম্ভ হ'ল অসম ৰাজ্যিক পৰিবহণৰ নতুন বাছ ভাৰত বেঞ্জ

বিশ্বনাথ, ২০ ডিচেম্বৰ :অসম ৰাজ্যিক পৰিবহণৰ নতুন বাছ সেৱা ভাৰত বেঞ্জৰ দেওবাৰে বিশ্বনাথত শুভাৰম্ভ কৰা হয় ৷ বৈদিক নিয়মেৰে উক্ত বাছ সেৱাৰ শুভাৰম্ভ কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৷ পুৱা পাঁচ বজাতে বিশ্বনাথৰ পৰা গুৱাহাটীলৈ চলিব লগা বাছখন আজিৰ পৰা যাত্ৰীসকলে যাতায়ত কৰিব পৰাকৈ মুকলি কৰে ।

বিশ্বনাথত আৰম্ভ হ'ল অসম ৰাজ্যিক পৰিবহণৰ নতুন বাছ ভাৰত বেঞ্জ

তদুপৰি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে, অতি শীঘ্ৰে অসমত ৩৫০ বাছ চলাচল কৰিব আৰু পৰৰ্ৱতী সময়ত পুনৰ ৩০০খন বাছ অনা হ'ব ৷ ইয়াৰ লগতে বিশ্বনাথতে দ্বিতীয়খন ইলেকট্ৰিক বাছ আস্থান হোৱাৰ কথা উল্লেখ কৰে অশোক ভট্টৰায়ে । নতুন বৰ্ষৰ আৰম্ভণিতে বিশ্বনাথৰ পৰা ইলেক্ট্ৰিক বাছ চলাচল কৰাৰ কথা জানিব দিয়ে অধ্যক্ষ গৰাকীয়ে ।

অসম ৰাজ্যিক পৰিবহণ নিগমে সীমিত শক্তিৰ মাজৰে পৰ্যায়ক্ৰমে বিভিন্ন জনমুখী আৰু উন্নয়ন মূলক কাম হাতত লোৱা হৈছে । ইতিমধ্যে গুৱাহাটী মহানগৰীত ইলেক্ট্ৰিক বাছ চলাচল কৰি আছে আৰু দ্বিতীয় খন অহা জানুৱাৰী মাহত বিশ্বনাথত এই কাম সম্পূৰ্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়ক: আমিনগাঁৱত প্ৰজ্ঞান ভাৰতী আঁচনি মুকলি কৰিলে হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details