অসম

assam

ETV Bharat / state

বিহালীত চি পি আই (এম-এল) ৰ প্ৰতিষ্ঠাপক বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস উদযাপন - শ্ৰমিকৰ মজুৰি

চি পি আই (এম-এল) দলৰ প্ৰতিষ্ঠাপক সম্পাদক কমৰেড বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস বিহালীৰ ৰতোৱাৰ মাহিলী বস্তিৰ খেলপথাৰত উদযাপন কৰা হয় । উক্ত অনুষ্ঠানত বিজেপি কঠোৰ ভাষাৰে সমালোচনা কৰে দলটোৰ নেতাকৰ্মীয়ে ৷

binod-mishra-founder-of-cpi-ml-celebrates-22-nd-death-anniversary-in-biswanath
বিহালীত চি পি আই (এম-এল) ৰ প্ৰতিষ্ঠাপক বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস উদযাপন

By

Published : Dec 18, 2020, 10:49 PM IST

বিশ্বনাথ, 18 ডিচেম্বৰ :শুকুৰবাৰে চি পি আই (এম-এল) দলৰ প্ৰতিষ্ঠাপক সম্পাদক কমৰেড বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস বিহালীৰ ৰতোৱাৰ মাহিলী বস্তিৰ খেলপথাৰত উদযাপন কৰা হয় । 'বিজেপি হাটাও, অসম বচাও' শীৰ্ষক সংকল্প দিৱস হিচাপে চি পি আই(এম-এল) ৰ বিশ্বনাথ জিলা সমিতিয়ে আয়োজন কৰা সভাখনত চি পি আই (এম-এল) ৰ নেতা বিবেক দাসে দিল্লীত চলি থকা কৃষক বিদ্ৰোহলৈ সংহতি জনায় কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্নদাতা সকলক শত্ৰু জ্ঞান কৰিছে ।

বিহালীত চি পি আই (এম-এল) ৰ প্ৰতিষ্ঠাপক বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস উদযাপন

আনহাতে, নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি চাহ শ্ৰমিকক 350 টকা মজুৰি দিম বুলি কৈছিল কিন্তু প্ৰায় 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিচতো শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰা বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক :চিৰাঙত চাওঁতাল ছাত্ৰ সন্থাৰ বিজয় উৎসৱ উদযাপন

আনহাতে, বিহালীত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ সমষ্টিত অবাধ দুৰ্নীতি হৈছে । দুখীয়া কৃষকে কৃষি ধন নাপাই বিজেপিৰ মানুহৰ এটা পৰিয়ালতে কৃষকৰ সাহাৰ্য পাই আৰু কৃষকৰ কাৰণে চৰকাৰে দিয়া ট্ৰেক্টৰ ইটা ভাটাৰ মালিকে লাভ কৰাৰ অভিযোগ তুলিছে । যাৰবাবে 2021 চনৰ নিৰ্বাচনত সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হৈ বিজেপিক উৎখাত কৰি অসম বচাব লাগিব আৰু ৰঞ্জিত দত্তক পৰাস্ত কৰি বিহালী বচাবলৈ বুথ কমিটীয়ে জনসাধাৰণক ঐক্যবদ্ধ কৰিব লাগিব বুলি উল্লেখ কৰে ।

বিহালীত চি পি আই (এম-এল) ৰ প্ৰতিষ্ঠাপক বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস উদযাপন

বিহালীৰ 145 খন চি পি আই (এম-এল) ৰ বুথ কমিটীৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনৰ আৰম্ভণিতে কমৰেড বিনোদ মিশ্ৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী শুভাৰম্ভ কৰে ওচমান গনিয়ে । এই সভাত বিহালীত 'কা' আন্দোলনত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰাবাস খটা যুৱক জিতু বৰুৱাক চি পি আই (এম-এল) নেতা বিবেক দাসক সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক :বেংগালুৰুত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ছাত্ৰীৰ অভিযুক্তক ফাঁচীৰ দাবীত প্ৰতিবাদ

উল্লেখযোগ্য যে, 12 ডিচেম্বৰত 'কা' আন্দোলনৰ শ্বহীদ দিৱস উদযাপনৰ বিহালীৰ নিৰ্যাতিত যুৱকক সম্বৰ্ধনা জনোৱা কাৰ্যসূচীৰ অংশ হিচাপে সম্বৰ্ধনা জনোৱা হয় । আনহাতে, জ্যোতিষ দাস, কমল অধিকাৰী, উৰ্মিলা পাইকে সভাপতি মণ্ডলী হিচাপে পৰিচালনা কৰা সভাৰ আদৰণি ভাষণ দিয়ে পৰিমল গোড়ে, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চি পি আই (এম-এল) ৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অনন্ত হাজৰিকাই ।

বিহালীত চি পি আই (এম-এল) ৰ প্ৰতিষ্ঠাপক বিনোদ মিশ্ৰৰ 22 তম মৃত্যু দিৱস উদযাপন

সভাত জিলা সমিতিৰ প্ৰাক্তন সম্পাদক লীলা শৰ্মা, কৃষক মহাসভাৰ লক্ষ্মীকান্ত কুৰ্মীয়ে বক্তব্য প্ৰদান কৰি বিজেপি চৰকাৰৰ জন বিৰোধী নীতিক ক্ষুৰধাৰ সমালোচনা কৰে । সভাত 2021 চনৰ নিৰ্বাচনত বিজেপি বিৰোধী গোট ভাগ ভাগ হৈ যাতে বিজেপিক সহায় কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ অস্তিত্ব ৰক্ষাৰ হকে যুঁজ কৰি বিজেপি উৎখাত কৰিবৰ বাবে নতুনকৈ গঠন হোৱা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদলৈ চি পি আই (এম-এল) য়ে সমৰ্থন আগবঢ়ায় ৷ লগতে, চাহ শ্ৰমিক আৰু আদিবাসী লোক সকলে দখল কৰি বসবাস কৰা ভূমিত বৰ্তমান চৰকাৰে খাজনা লোৱা বন্ধ কৰাৰ বিপৰীতে খাজনা লোৱা ব্যৱস্থা কৰি চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়া ব্যৱস্থা কৰা, বিহালীত দুখীয়া লোকৰ বাবে অহা চৰকাৰী আঁচনিৰ দুৰ্নীতি নিৰ্মূল কৰি প্ৰকৃত হিতাধিকাৰীক দিয়াৰ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে ।

লগতে পঢ়ক :ভাৰতক মহাশক্তি বনোৱাত ডিআৰডিঅ'ই পালন কৰিব বিশেষ ভূমিকা

ABOUT THE AUTHOR

...view details