অসম

assam

ETV Bharat / state

কৰ’ণাৰ সংক্ৰমণক লৈ বিহালীত ৰঞ্জিৎ দত্তৰ গুৰুত্বপূৰ্ণ বৈঠক - বিশ্বনাথ জিলাৰ উপায়ুক্ত

বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিৎ দত্ত, বিশ্বনাথ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াৰ বৈঠক । বিহালী সমষ্টিত কৰ’ণাক লৈ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতা ৷

কৰ’ণাৰ সংক্ৰমন লৈ বিহালীত ৰঞ্জিৎ দত্তৰ গুৰুত্বপূৰ্ণ বৈঠক
কৰ’ণাৰ সংক্ৰমন লৈ বিহালীত ৰঞ্জিৎ দত্তৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : May 15, 2021, 10:17 PM IST

বিহালী, 15 মে' : কৰ’ণা মহামাৰীয়ে বিশ্বজুৰি যি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে বিহালী সমষ্টিত এক জৰুৰী বৈঠক আহ্বান কৰা হয় । মোনাবাৰী গাওঁ পঞ্চায়তৰ সমুহীয়া ভৱনত অনুষ্ঠিত সভাত বিশ্বনাথ জিলাৰ উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, বিহালীৰ ৭খন চাহ বাগিছাৰ পৰিচালক, আটছা সভাপতি, বিশ্বনাথ শাখাৰ এ চি এম এছৰ বিষয়ববীয়া, আটছা বিহালী শাখাৰ বিষয়ববীয়া তথা পঞ্চায়ত আৰু জিলা পৰিষদৰ জনপ্ৰতিনিধিবৰ্গৰ সৈতে মিলিত হয় বিহালীৰ বিধায়ক গৰাকীয়ে ৷

কৰ’ণাৰ সংক্ৰমন লৈ বিহালীত ৰঞ্জিৎ দত্তৰ গুৰুত্বপূৰ্ণ বৈঠক

অনাগত দিনত বাগিছাসমূহৰ শ্ৰমিক সকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দি তেখেত সকলক কিদৰে এই মহামাৰীৰ পৰা সুৰক্ষিত ৰাখিব পাৰি তাৰ কাৰণে পদক্ষেপ লবলৈ আলোচনা কৰা হয় । বিহালী সমষ্টিবাসী তথা সমূহ অসমবাসী ৰাইজে এই মহামাৰীৰ কালছোৱাত অতি সতৰ্কভাবে নিজকে আৰু নিজৰ পৰিয়ালক সুৰক্ষিত ৰাখিব লাগিব বুলি প্ৰাক্তন মন্ত্ৰী ৰঞ্জিৎ দত্তই মন্তব্য কৰে ৷

এই বৈঠকত বিধায়কে চাহ বাগিছাৰ সমূহ শ্ৰমিকক সজাগ কৰি মাস্ক, চেনিটাইজাৰৰ ব্যৱহাৰ আৰু সামাজিক দুৰত্বৰ প্ৰতি লক্ষ্য ৰাখিবৰ পৰিচালকক আহ্বান জনোৱা হয় ৷ আনহাতে সকলোৱে কৰ’ণাৰ প্ৰতিষেধকৰ সুবিধা গ্ৰহণ কৰিবৰ বাবেও কৈ কাৰোবাৰ জ্বৰ ,কাঁহ হলে শীঘ্ৰে পৰীক্ষা কৰি‌বৰ বাবে সকলোকে অনুৰোধ কৰে ৷

লগতে পঢ়ক :কোভাক্সিন উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সমালোচনা পি চিদাম্বৰমৰ

ABOUT THE AUTHOR

...view details