অসম

assam

By

Published : Sep 21, 2019, 10:31 PM IST

ETV Bharat / state

বিশ্বনাথত আটছাৰ কৰম সন্মিলন

22 চেপ্তেম্বৰত অৰ্থাৎ সন্মিলৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা , উপস্থিত থকিবলৈ বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে

বিশ্বনাথত আটছাৰ কৰম সন্মিলন

বিশ্বনাথ, 21 চেপ্তেম্বৰঃ অসম জনজাতি ছাত্ৰ সন্থা (আটছা ) কেন্দ্ৰীয় সমিতি উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰাজ্যিক ভিত্তিত কৰম সন্মিলন ৷ শনিবাৰৰ পৰা চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হৈছে কৰম সন্মিলন । সন্মিলনৰ পুৱা পতাকা উত্তোলন কৰে আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰে ৷ সাংস্কৃতিক পতাকা উত্তোলন কৰে কাৰ্য কৰী সভাতি পংকজ মহান্দই । শ্বহীদ তৰ্পন কৰে আটছা কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক পনৱ বেদিয়াই ।

আনহাতে এই কাৰ্যসূচী লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কৰে বিশিষ্ট সমাজ কৰ্মী তথা গ্ৰীণ আচিয়ানা স্বাত্বাধিকাৰী কিশোৰ হাজৰিকাই । দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচী অহা ২২ চেপ্তেম্বৰত সামৰণি পৰিব ।


22 চেপ্তেম্বৰত অৰ্থাৎ সন্মিলৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী লগতে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা , উপস্থিত থকিবলৈ বুলি জানিবলৈ দিয়ে উদ্যোগতা সমিতিয়ে ।

বিশ্বনাথত আটছাৰ কৰম সন্মিলন

ABOUT THE AUTHOR

...view details