অসম

assam

ETV Bharat / state

বিশ্বনাথত 5 বছৰীয়া শিশুৰ চকুত সোমাল কেচি - 5 years old boy's

আৰ্থিক নাটনিৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটিৰ পৰিয়ালে। শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি বিধায়কৰ লগতে ৰাইজলৈ অনুৰোধ পিতৃ-মাতৃৰ

5 বছৰীয়া শিশুৰ চকুত সোমাল কেচি

By

Published : May 8, 2019, 5:21 PM IST

বিশ্বনাথ, ৮ মেঃ বিশ্বনাথৰ টকৌবাৰী গাৱঁত ৫ বছৰীয়া শিশুৰ চকুত সোমাল কেচি। খেলি থকা অৱস্থাত ঘটিল এই দুৰ্ঘটনাটি।

5 বছৰীয়া শিশুৰ চকুত সোমাল কেচি
উল্লেখযোগ্য যে, ওচৰ-চুবুৰীয়া লৰা-ছোৱালীৰ লগত শিশুটিও খেলিবলৈ গৈছিল। কিন্তু দুটি শিশুৰ মাজত কাজিয়া সৃষ্টি হোৱাত আনজন শিশুৱে এইজন শিশুৰ চকুত কেচিৰে আঘাট কৰে। ততালিকে শিশুটিক স্থানীয় লোকে বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰে যদিও বৰ্তমানলৈ শিশুটি সুস্থ হোৱা নাই। আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটোৰ পৰিয়ালটোৱে। সেয়ে শিশুটিৰ চিকিৎসাৰ বাবে বিধায়কৰ লগতে ৰাইজলৈ অৰ্থ সাহাৰ্য বিচাৰি অনুৰোধ জনাইছে পিতৃ-মাতৃয়ে।

ABOUT THE AUTHOR

...view details