বিশ্বনাথ, 23 মেঃ মহিলাৰ মৃত্যুক লৈ বুধবাৰে উত্তপ্ত হৈ পৰিল বিশ্বনাথ অসামৰিক চিকিৎসালয় ৷ ঘটনা সন্দৰ্ভত 5 দিন পূৰ্বে পেটৰ বিষত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈছিল চিলা হাজৰিকা নামৰ এগৰাকী মহিলা ৷ কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসাও প্ৰদান কৰা হোৱা নাছিল মহিলাগৰাকীক ৷
মহিলাৰ মৃত্যুক লৈ উত্তপ্ত বিশ্বনাথ অসামৰিক চিকিৎসালয় - বিশ্বনাথ অসামৰিক চিকিৎসালয়
অৱশেষত বুধবাৰে মহিলাগৰাকীৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে মহিলাগৰাকীক তেজপুৰ মেডিকেল কলেজলৈ নিবলৈ কয় যদিও ইতিমধ্যে মৃত্যু ঘটে মহিলাগৰাকীৰ ৷
মহিলাৰ মৃত্যুক লৈ উত্তপ্ত বিশ্বনাথ অসামৰিক চিকিৎসালয়
অৱশেষত বুধবাৰে মহিলাগৰাকীৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে মহিলাগৰাকীক তেজপুৰ মেডিকেল কলেজলৈ নিবলৈ কয় যদিও ইতিমধ্যে চিকিৎসালয়তে মৃত্যু ঘটে মহিলাগৰাকীৰ ৷
মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিয়ালৰ লোকসকল লগতে চিকিৎসকক নিলম্বিত নকৰিলে মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত পৰিয়ালৰ লোকৰ ৷