অসম

assam

ETV Bharat / state

ইচ্ছা অনুযায়ী বাছভাড়া আদায় কৰি গণৰোষত বাছ চালক

বাছৰ ভিতৰতে যাত্ৰীৰ আগত আঠুলৈ ক্ষমা ভিক্ষা বাছ চালকৰ ৷ ক্ষুদ্ধ বাছযাত্ৰীৰ ক্ষোভৰ সন্মুখীন চালকৰ লগতে হেণ্ডিমেন৷

By

Published : May 3, 2019, 7:29 AM IST

ইচ্ছা অনুযায়ী বাছভাড়া আদায় কৰি গণৰোষত বাছ চালক


বিশ্বনাথ, 3 মেঃ বাছৰ ভাড়া বৃদ্ধিক লৈ বিশ্বনাথত উত্তপ্ত পৰিস্থিতি ৷ দীৰ্ঘদিন ধৰি বিশ্বনাথ চাৰিআলি অভিমুখী যাত্ৰীবাহী বাছৰ অধিক নিৰিখ তথা চালকে ইচ্ছা অনুযায়ী বাছ ভাড়া আদায় কৰাৰ ফলত ক্ৰমাৎ ক্ষুদ্ধ হৈ পৰিছিল জনতা ৷ পৰিবহণ বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰা হৈছিল যদিও বিভাগীয় কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাত বৃহস্পতিবাৰে বিশ্বনাথৰ টৌভঙাত চলন্ত বাছত সাধাৰণ যাত্ৰীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে ৷

ইচ্ছা অনুযায়ী বাছভাড়া আদায় কৰি গণৰোষত বাছ চালক

আৰু পঢ়ক গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !

বৃহস্পতিবাৰে উত্তেজিত ৰাইজে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী AS-12-AC-9537 নাম্বাৰৰ সুৰুজ ট্ৰেভেলাৰ নামৰ আল্ট্ৰা বাছখন ৰখাই গাড়ী চালক তথা হেণ্ডিমেনক প্ৰহাৰ কৰে৷ অভিযোগ অনুসৰি গাড়ীৰ চালক তথা হেণ্ডিমেনে বহু দিনৰ পৰা যাত্ৰীক অধিক ভাড়া বিছাৰি দুৰ্ব্যৱহাৰ কৰি আহিছে ৷ ফলত জনতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে বাছখনৰ কৰ্মচাৰী ওপৰত ।

পৰৱৰ্তী সময়ত চালক হেণ্ডিমেনক সকীয়নি দিয়াৰ লগতে যাত্ৰী সকলক টিকট প্ৰদানৰ কথা বুজাই ৰেহাই দিয়ে৷

ABOUT THE AUTHOR

...view details