অসম

assam

Assam Arunachal border dispute : অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধনৰ পথত

By

Published : Nov 1, 2022, 10:11 AM IST

Updated : Nov 1, 2022, 11:02 AM IST

অৰুণাচলত সীমা সমস্যা সন্দৰ্ভত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰে অসম চৰকাৰৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক । বৈঠকৰ অন্তত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, অসম-অৰুণাচল সীমা সমস্যা শীঘ্ৰে সমাধন হোৱাৰ পথত (Assam Arunachal border dispute) ।

Assam Arunachal
Assam Arunachal

বিশ্বনাথ, ১ নৱেম্বৰ : অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান হোৱাৰ পথত (Assam Arunachal border issue being resolved) । চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত দুয়োখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ পথ মুকলি । সোমবাৰে ইটানগৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে অসম চৰকাৰৰ কেইবাগৰাকীও বিধায়ক-মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে বিশ্বনাথ জিলা উপযুক্তই অংশগ্ৰহণ কৰা এটি দলৰ সৈতে এক বৈঠকত মিলিত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু ৰাজ্যখনৰ এটি প্ৰতিনিধি দল (meeting with Pema Khandu on border issue) ।

Assam Arunachal border dispute : অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধনৰ পথত

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) নিৰ্দেশ অনুসৰি আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) পৰামৰ্শ অনুসৰি অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শ্রমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ক্ৰীড়া মন্ত্ৰী বিমল বড়া আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিধায়ক বলীন চেতিয়া, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত ডি ডি ত্ৰিপাঠী, সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াকে ধৰি অসম চৰকাৰৰ মুঠ ২৫ জনীয়া এটি দলে অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰে ।

আনহাতে, অৰুণাচল প্ৰদেশৰ হৈ বিভিন্ন বিভাগৰ মন্ত্ৰীসকলৰ ভিতৰত এই বৈঠকত অংশগ্ৰহণ কৰে ক্ৰমে হনচুন নাংডাম, কামলাং ম’চাং, বেমাং ফেলিক্স, মালো লিবাং, টুমকে বাগ্রাম টাবা টাডিৰ আৰু টাগে টাকিৰ লগতে অৰুণাচলৰ প্ৰদেশৰ মুখ্য সচিব আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ ২৪ জনীয়া এটি দলে ।

উল্লেখযোগ্য যে ঐতিহাসিক নামচাই ঘোষণা-পত্ৰৰ (Namsai Declaration) আধাৰত দুয়োখন ৰাজ্যৰ বিবদমান অঞ্চলসমূহ যুটীয়াভাৱে পৰিদৰ্শনৰ বাবে দুয়োখন ৰাজ্যই ১২ খনকৈ আঞ্চলিক সমিতি গঠন কৰিছিল । এই সমিতিসমূহে অসম-অৰুণাচল বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰি লাভ কৰা তথ্যৰ আধাৰত ইতিমধ্যে দাখিল কৰা প্ৰতিবেদনসমূহৰ বিভিন্ন দিশৰ সন্দৰ্ভত সোমবাৰে অনুষ্ঠিত বৈঠকত দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে খৰচি মাৰি আলোচনা কৰা হয় ।

এই বৈঠকে বিবদমান অঞ্চলসমূহৰ সীমা সমস্যাৰ সমাধানৰ (Assam Arunachal border dispute) ক্ষেত্ৰত বহুখিনি ইতিবাচক দিশ মুকলি কৰা বুলি প্ৰকাশ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে । খাণ্ডুৱে লগতে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে চলিত নৱেম্বৰ মাহত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যাই স্থায়ী সমাধানৰ ৰূপ ল’ব বুলি আশা কৰা হৈছে ।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই বৈঠকত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিসমূহে দাখিল কৰা প্ৰতিবেদন আৰু সীমামূৰীয়া জিলাসমূহৰ বিভিন্ন বিষয় আলোচনা কৰা বুলি প্ৰকাশ কৰে । আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ একান্ত আগ্ৰহৰ বাবেই অসম-অৰুণাচলৰ সীমামূৰীয়া অঞ্চলসমূহৰ জনসাধাৰণে শীঘ্ৰে সুখবৰ লাভ কৰিব বুলি ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই বৈঠকৰ অন্তত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Citizenship Amendment Act: উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কেতিয়াও ’কা’ মানি নলয়: সদৌ অসম ছাত্ৰ সন্থা

Last Updated : Nov 1, 2022, 11:02 AM IST

ABOUT THE AUTHOR

...view details