বিহালী, 5 আগষ্ট :শোণিতপুৰ জিলাৰ বিহালীত বাঘে সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ বিহালী সমষ্টিৰ কেটেলা চাহবাগিছাত আজি বাঘৰ অতৰ্কিত আক্ৰমণত এগৰাকী মহিলাসহ চাৰি গৰাকী শ্ৰমিক গুৰুতৰ ভাৱে আহত হয় ৷ ঘটনা অনুসৰি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বাগিছা খনত প্ৰায় 2 শতাধিক শ্ৰমিকে পাত তুলি আছিল ৷ আবেলি প্ৰায় ৩ বজাত অতৰ্কিতে এটা বাঘ বাগিছাৰ মাজৰ পৰা ওলাই আহি আনতী প্ৰজা নামৰ এগৰাকী 26 বৰ্ষীয় মহিলাৰ গাৰ ওপৰত জপিয়াই পৰে ৷ বাঘটোৱে মহিলাগৰাকীৰ মুখমণ্ডল,বুকু আৰু পিঠিত আক্ৰমণ কৰাত তেঁও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মাটিত ঢলি পৰে ৷ সেই সময়তে ওচৰত থকা শ্ৰমিক সকলে চিঁঞৰ-বাখৰ কৰাত বাঘটো বাগিছাৰ মাজত লুকাই পৰি অন্তৰ্ধানহয় ৷ ঘটনাৰ পাছতেই মহিলাগৰাকীক বৰগাং কেথলিক হস্পিতালত ভৰ্তি কৰোৱা হয় ৷
বিহালীত বাঘৰ সন্ত্ৰাস - বিশ্বনাথ
অঞ্চলটোৰ কেটেলা চাহ বাগিছাত পাত তুলি থকা অৱস্থাত শ্ৰমিকক অতৰ্কিতে আক্ৰমণ ৷ এই মূহুৰ্তলৈকে পিঞ্জৰাবদ্ধ কৰিব পৰা হোৱা নাই বাঘটো ৷
ইফালে বাগিছা কৰ্তৃপক্ষই বৰগাং বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত বন বিষয়া চিকন্দৰ আলিৰ নেতৃত্বত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ সন্ধানত অভিযান চলায় সেই সময়তে বাগিছাখনৰ 4 নং লাইনত বাঘটোৱে পুনৰ ফিলবেন তপ্ন,পাপু চেখ আৰু সাগৰ নায়ক নামৰ তিনি জন শ্ৰমিকক আক্ৰমন কৰি পুনৰঅন্তৰ্ধান হৈ পৰে ৷ ইয়াক পাছতেই বাগিছাখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ আঘাতপ্ৰাপ্ত শ্ৰমিক তিনিজনকো কেথলিক হস্পিতালত ভৰ্তি কৰোৱা হয় তাৰে ফিলবেন তপ্ন আৰু আনতী প্ৰজাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতে আতংকিত শ্ৰমিক ৰাইজে শ্ৰমিক সকলৰ সুৰক্ষাৰ দাবীত বহু সময় ধৰি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ বৰ্তমানও অব্যাহত আছে বাঘৰ সন্ধান অভিযান ৷