অসম

assam

By

Published : Jun 15, 2020, 3:59 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফেচবুক পষ্ট কৰি গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা

অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হঠাৎ অসুস্থ হৈ GMCHত চিকিৎসাৰ বাবে ভৰ্তি হোৱাৰ পাচত ফেচবুকত তেওঁৰ বিৰুদ্ধে কটু মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিহালীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নেতা অনিল বনিয়া ।

হিমন্তৰ বিৰুদ্ধে ফেচবুক পষ্ট কৰি গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা
হিমন্তৰ বিৰুদ্ধে ফেচবুক পষ্ট কৰি গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা

বিশ্বনাথ, 15 জুনঃঅসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিহালীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিল বনিয়া নামৰ নেতা গৰাকী।

গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা

অভিযুক্ত নেতা জনে ডঃ হিমন্ত বিশ্ব শৰ্মা হঠাৎ অসুস্থ হৈ GMCHত চিকিৎসাৰ বাবে ভৰ্তি হোৱাৰ পাচত ফেচবুকত তেওঁৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল । মন্ত্ৰীগৰকীৰ ৰোগ হোৱাটো ভাল খবৰ বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ অহিত চিন্তা কৰিছিল যুৱকজনে ।

গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা

তাৰ পাচতেই যুৱক জনক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন জনে দাবী উত্থাপন কৰে । তাৰ পাচতেই বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকে বিষয়টো তদন্ত চলাই সোমবাৰে বিহালী আৰক্ষীৰ এটা দলৰ তৎপৰতাত ছাত্র নেতা অনিল বনিয়াক গ্ৰেপ্তাৰ কৰে ।

নেতা জনৰ ফেচবুক পোষ্ট..

অনিল বনিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিহালী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বুলি জানিব পৰা গৈছে।

অভিযুক্ত অনিল বনিয়া

লগতে পঢ়ক :পুৱাই উদ্ধাৰ সদ্যোজাতৰ মৃতদেহ

ABOUT THE AUTHOR

...view details