অসম

assam

ETV Bharat / state

AATSA Protest in Biswanath: জনজাতিকৰণৰ দাবীত বিশ্বনাথত আটছাৰ ধৰ্ণা কাৰ্যসূচী - জনজাতিকৰণৰ দাবী

আটছাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আটছাৰ কেইবাটাও ভাতৃ সংগঠনৰ লগতে জনগোষ্ঠীটোৰ আন আন মহিলা সংগঠনৰ সহযোগত শতাধিক কৰ্মকৰ্তাই সোমবাৰে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত আটছাৰ জিলা সভাপতি ধীৰাজ তাঁতী, জিলা সম্পাদক নিলোৎপৱন ৰবি দাস, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অনন্ত সোণা, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মিন্টু ভূমিজকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷

AATSA Holds Protest For Demanding ST Status
বিশ্বনাথত আটছাৰ প্ৰতিবাদ

By

Published : Jul 10, 2023, 8:30 PM IST

বিশ্বনাথত আটছাৰ ধৰ্ণা কাৰ্যসূচী

বিশ্বনাথ, 10 জুলাই : অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ ৰাইজক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকসকলক দৈনিক 330 টকাকৈ মজুৰি প্ৰদান কৰাৰ দাবীত ৰাজ্যত উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনে ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে আটছাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আটছাৰ কেইবাটাও ভাতৃ সংগঠনৰ লগতে জনগোষ্ঠীটোৰ আন আন মহিলা সংগঠনৰ সহযোগত শতাধিক কৰ্মকৰ্তাই সোমবাৰে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

‘‘শীঘ্ৰেই আমাৰ প্ৰাপ্য আমাক দিয়ক’’, ‘‘আমাৰ দাবী মানি লওক’’ আদি বিভিন্ন শ্ল'গানেৰে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত আটছাৰ জিলা সভাপতি ধীৰাজ তাঁতী, জিলা সম্পাদক নিলোৎপৱন ৰবি দাস, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অনন্ত সোণা, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মিন্টু ভূমিজকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷

ইফালে জনগোষ্ঠীৰ হৈ প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ তিনি সাংসদ পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলিক কঠোৰ সমালোচনা কৰি কেন্দ্ৰীয় সমিতি প্ৰচাৰ সম্পাদক মিন্টু ভূমিজে কয় যে, এই তিনিগৰাকী সাংসদে জানগোষ্ঠীটোক বিশ্বাসঘাতকতা কৰিছে ৷ এই তিনিজন সাংসদে কোনো দিন সদনত আজিলৈকে জনগোষ্ঠীটোৰ বাবে কোনো মাত নামাতিলে বুলি ক্ষোভ প্ৰকাশ কৰি ভৱিষ্যতে বিজেপিৰ হৈ ভোট বিচাৰি গ'লে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি হুংকাৰ দিয়ে আটছা নেতা গৰাকীয়ে ৷

আনহাতে 2014 চনৰ লোকসভাৰ নিৰ্বাচন আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীৰ ৰাইজক জনজাতিৰ মৰ্যদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী কিয় কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে আটছাৰ বিশ্বনাথৰ জিলা সভাপতি ধীৰাজ তাঁতীয়ে ৷

লগতে পঢ়ক :AATSA protest in Lakhimpur:জনজাতিকৰণৰ দাবীত আটছাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

ABOUT THE AUTHOR

...view details