অসম

assam

ETV Bharat / state

বিহালীৰ শান্তিপুৰত বজ্ৰপাতত এগৰাকী মহিলাৰ মৃত্যু

বিহালীৰ শান্তিপুৰত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । বজ্ৰপাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ । মৃত মহিলাগৰাকীৰ নাম ৰীতা পৰামনিক ।

By

Published : May 11, 2021, 12:41 PM IST

Updated : May 11, 2021, 1:22 PM IST

as_biswanath_01_dhumuha_women_death _img_as10018
বিহালীৰ শান্তিপুৰত বজ্ৰপাতত এগৰাকী মহিলাৰ মৃত্যু

বিশ্বনাথ, 11 মে': সোমবাৰে বিয়লি অহা ধুমুহা-বৰষুণে অমানিশা নমাই আনিলে বিহালীৰ শান্তিপুৰৰ এটা পৰিয়াললৈ । বজ্ৰপাতত মৃত্যু হ'ল শান্তিপুৰৰ ৰীতা প্ৰামানিক নামৰ এগৰাকী মহিলাৰ । জানিব পৰা মতে, মৎস্য ব্যৱসায়ী দিলীপ প্ৰামানিকৰ পত্নী ৰীতা প্ৰামানিক গাঁৱৰ আন কেইবাগৰাকীও মহিলাৰ সৈতে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা ঝাও গছ আনিবলৈ গৈছিল ।

খৰি কাটি থকা সময়তে হঠাতে ব্ৰজপাতত মহিলাগৰাকীৰ মৃত্যু হয় । এই ঘটনাৰ পিছতে ৰীতা প্ৰামানিকক বৰগাং কেথলিক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । দুটি কন্যা সন্তানৰ মাতৃ ৰীতাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলতে ।

আনহাতে, ধুমুহা-বৰষুণত বিহালীৰ নীলবাৰী, মোনাবাৰীৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি যোৱাৰ লগতে বহু গছ-গছনিও ভাঙি পৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ

Last Updated : May 11, 2021, 1:22 PM IST

ABOUT THE AUTHOR

...view details