অসম

assam

ETV Bharat / state

মাতৃয়ে শাক-পাচলি বিক্ৰী কৰে, মেধাৰ পৰিচয় দিলে পিতৃহাৰা মঞ্জিতে - manjit upadhyaya

প্ৰয়াত যজ্ঞ প্ৰসাদ উপাধ্যায় আৰু উৎপলা দেৱীৰ সন্তান মঞ্জিতে জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্টিংচন তথা আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমীয়াত 87, ইংৰাজীত 92, গণিতত 97, সাধাৰণ বিজ্ঞানত 93, সমাজ বিজ্ঞানত 88 আৰু হিন্দীত 81 নম্বৰেৰে মুঠ 538 নম্বৰ লাভ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে ৷

মাতৃয়ে শাক-পাচলি বিক্ৰী কৰে, মেধাৰ পৰিচয় দিলে পিতৃহাৰা মঞ্জিতে

By

Published : May 16, 2019, 7:00 PM IST

বিহালী, 16 মে' :পিতৃয়ে কেতিয়াবাই ইহসংসাৰ ত্যাগ কৰিলে ৷ মাতৃয়ে শাক-পাচলি বিক্ৰী কৰি কোনোমতে দুবেলা দুমুঠিৰ যোগাৰ কৰি আহিছে ৷ তাৰ মাজতে বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল বিশ্বনাথৰ বৰাজুলী গাঁৱৰ মঞ্জিৎ উপাধ্যায় নামৰ ছাত্ৰগৰাকী ৷ প্ৰয়াত যজ্ঞ প্ৰসাদ উপাধ্যায় আৰু উৎপলা দেৱীৰ সন্তান মঞ্জিতে জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্টিংচন তথা আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমীয়াত 87, ইংৰাজীত 92, গণিতত 97, সাধাৰণ বিজ্ঞানত 93, সমাজ বিজ্ঞানত 88 আৰু হিন্দীত 81 নম্বৰেৰে মুঠ 538 নম্বৰ লাভ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে ৷
কিন্তু পিতৃহাৰা মঞ্জিতে অভাৱ-অনাটনৰ মাজতো এনেদৰে সুখ্যাতিৰে উত্তীৰ্ণ হ'লেও ছাত্ৰগৰাকীৰ অধ্যয়ন অব্যাহত ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া মাতৃ উৎপলা দেৱী ৷ সেয়ে এখন ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিবলৈ অপাৰগ মাতৃয়ে মেধাৱী ছাত্ৰগৰাকীৰ বাবে বিচাৰিছে সহৃদয় লোকৰ সহায় ৷ অনাটনী ঘৰ এখনৰ পৰা সাফল্যৰ বাটত খোজ দিয়া মঞ্জিৎ উপাধ্যায়ক সহায় কৰিবনে কোনো সদাশয় লোকে?

ABOUT THE AUTHOR

...view details