বিশ্বনাথ,12 জুন: শোণিতপুৰ জিলা গহপুৰ মহকুমাত বানৰ বিভীষিকা ৷ বানত প্লাবিত হৈছে গহপুৰ ন ন অঞ্চল ৷ হাহাকাৰ পৰিস্থিতি গহপুৰ বিভিন্ন অঞ্চলত ৷ বিশেষকৈ গহপুৰ নগৰৰ মাজৰে বৈ যোৱা চত্ৰং নদীৰ উন্মুক্ত মথাউৰিৰ বাবে গহপুৰ নগৰৰ মধ্যচত্ৰং, ডুবিয়া নদীৰ উন্মুক্ত মথাউৰিয়ে দি তীব্ৰ গতিত বৈ অহা বাঢ়নী পানীয়ে ডুবাইছে কেইবাখনো গাওঁ ৷ বিশেষকৈ ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 5-6 খনকৈ গাঁও এতিয়া বানৰ কৱলত ৷ ফলত গাওঁ কেইখনৰ জনসাধাৰণৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বানত ডুব গৈছে শ শ কৃষি ভূমি ৷ প্লাবিত হৈছে ন ন অঞ্চল ৷ ডুব গৈছে বহু লোকৰ ঘৰ দুৱাৰ,বিদ্যালয় গৃহ ৷ ইফালে পশুধনৰ শোচনীয় অৱস্থা ৷
এনে অৱস্থাৰ মাজতে স্থানীয় বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে একাংশ বানাক্ৰান্তৰ ক্ষোভ ৷ বানক্ৰান্ত ৰাইজৰ প্ৰশ্ন- বিগত তিনি বছৰে ডুবিয়া নদীৰ মথাউৰি কি কাৰণে নিৰ্মাণ নকৰিলে ? ইয়াৰ উত্তৰ দিব পাৰিব নে স্থানীয় বিধায়ক গৰাকীয়ে । হাহাকাৰ কৰা বানক্ৰান্তৰ খবৰ লবলৈ সময় নাই বিধায়কগৰাকীৰ ৷ উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলতে এই বানৰ বিভীষিকা । ইফালে বাঢ়নী পানীয়ে দুদিন ধৰি বুৰাই ৰাখিছে গহপুৰৰ বিভিন্ন অঞ্চল ।