অসম

assam

ETV Bharat / state

বিশ্বনাথত পুনৰ ৩টা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ - ধেমাজি

নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলাত ৩টা অঞ্চল কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰিছে উক্ত অঞ্চল কেইটাত ৷

3 Place Containment zone Allowed by Administration At Boswanath
বিশ্বনাথত পুনৰ ৩টা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

By

Published : Jul 7, 2020, 10:38 PM IST

বিশ্বনাথ, ৭ জুলাইঃবিশ্বনাথৰ তিনিটা অঞ্চলত পুনৰ কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে । ঘোষণা কৰা এই কন্টেইনমেন্ট জ'ন তিনিটা হৈছে নাগশংকৰৰ চমাৰদলনি, চতিয়াৰ বৰাচুক আৰু বিশ্বনাথৰ মৰল গাওঁ । জানিব পৰা মতে, জিলাখনৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চমাৰদলনিৰ মনোজ বাচকোটা নামৰ এজন ব্যক্তি নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মনোজ বাচকোটাৰ চমাৰদলনিৰ গৃহ অঞ্চলটোক আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে ।

বিশ্বনাথত পুনৰ ৩টা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

একেদৰে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতিয়াৰ বৰা চুক নিবাসী চিনু বৰা শইকীয়া নামৰ মহিলা গৰাকীও নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে চিনু বৰা শইকীয়াৰ গৃহ অঞ্চলটোকো আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে । কালি আবেলি ৭ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকা দুটা কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে । আনহাতেদি বিশ্বনাথৰ মৰল গাওঁ নিবাসী মুকুল বৰকটকী নামৰ ব্যক্তিজনো নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মুকুল বৰকটকীৰ মৰল গাৱঁৰ গৃহ অঞ্চলটোক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে। বুধবাৰৰ ৬ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকাটোক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ।

উল্লেখ্য যে, ক'ভিড-১৯ত আক্ৰান্ত হোৱা মনোজ পৰাজুলি ধেমাজি বিশাল মেগামাৰ্টৰ কৰ্মচাৰী আছিল। অন্যহাতেদি চিনু বৰা শইকীয়া আৰু মুকুল বৰকটকী নামৰ ব্যক্তি দুগৰাকী গুৱাহাটীত কৰ্মৰত ক'ভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিছিল। জিলাখনত কোভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে এই এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাসমূহ ছীল কৰিছে ৷ বিশ্বনাথ জিলা দণ্ডাধীশে অসম ক'ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷

লগতে পঢ়ক- পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details