বৰপেটাৰোড, 12 জুলাই : কৰ'ণা সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যত শেহতীয়াকৈ ব্যাপক হাৰত সংঘটিত হৈছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ হত্যা,ধৰ্ষণৰ দৰে ঘটনাবোৰ প্ৰতি দিনে বৃদ্ধি পোৱাৰ মাজতে শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে বিভিন্ন প্ৰলোভনেৰে যুৱতী-মহিলা সৰবৰাহ কৰা ঘটনা ৷ তেনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাত ৷ এগৰাকী বোৱাৰীক পলুৱাই নিয়াৰ সময়তে বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ছাহাদুল আলী নামৰ এজন যুৱকক ৷
আৰক্ষীয়ে দিয়া ঘটনাৰ বিৱৰণী মতে, দেওবাৰে ৰেল যোগে পলুৱাই নিয়াৰ উদ্দেশ্যে বোৱাৰী গৰাকীক লগত লৈ বৰপেটাৰোড ৰেলৱে ষ্টেচনত উপস্থিত হৈছিল যুৱকজন ৷ কিন্তু বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত যুৱকজনৰ লগত বোৱাৰী গৰাকীক প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীৰ সন্দেহ ওপজে ৷ সেই মৰ্মে ৰেল আৰক্ষীয়ে জেৰা কৰাত যুৱকজনে বোৱাৰী গৰাকীক পলুৱাই অনাৰ কথা স্বীকাৰ কৰে ৷ কিন্তু বোৱাৰী গৰাকীক ক’লৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সেইয়া বৰ্তমানেও স্বীকাৰ কৰা নাই যুৱকজনে ৷
উল্লেখ্য যে, যুৱকজনৰ লগত পলাই যাবলৈ পৰিকল্পনা কৰা বোৱাৰী গৰাকী এটি কন্যা সন্তানৰ মাতৃ বুলি জানিব পৰা গৈছে ৷ বোৱাৰী গৰাকীয়ে পূৰ্বৰ স্বামী গৃহৰ পৰা উভতি আহি বাঘবৰৰ নিজ গৃহত থকা অৱস্থাতে হাউলীৰ এই যুৱকজনৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ যুৱক জনেও নিজ মুখে স্বীকাৰ কৰিছে এই কথা ৷