বৰপেটা, ৮ আগষ্টঃ বাঢ়নী পানীয়ে উটুৱাই নিলে বৰপেটা চহৰৰ দঙৰকুছি-আজাদ নগৰ সংযোগী গড়কাপ্তানি পথৰ ওপৰত থকা একামাত্ৰ কাঠৰ দলং ৷ ফলত নানান সমস্যাৰ সন্মুখীন হৈছে ইয়াৰ স্থানীয় বাসিন্দাসকল ৷
বৰপেটাত কাঠৰ দলঙৰ বিধ্বস্ত ৰূপ - বৰপেটা
বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে বৰপেটা চহৰৰ দঙৰকুছি-আজাদ নগৰ সংযোগী গড়কাপ্তানি পথৰ ওপৰত থকা কাঠৰ দলং ৷
বৰপেটাত কাঠৰ দলঙৰ বিধ্বস্ত ৰূপ
নৈৰ বাঢ়নি পানীয়ে দলঙখনৰ মাজ অংশ উটুৱাই নিয়াৰ ফলত জিলা সদৰ বৰপেটা চহৰৰ সৈতে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে আজাদ নগৰ, মাধৱ নগৰকে আদি কৰি অঞ্চলটোৰ বহু সংখ্যক লোক ৷ এতিয়া অতি শীঘ্ৰে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান কৰিবলৈ স্থানীয় লোকে গড়কাপ্তানি বিভাগক দলঙখনৰ মেৰামতি কৰাৰ দাবী উত্থাপন কৰিছে ৷