অসম

assam

ETV Bharat / state

বাক্সাত শাক-পাচলিৰ খেতি তহিলং এজাক বন্যহস্তীৰ

বাক্সাত দেওবাৰে নিশা তাণ্ডৱ চলাই শাক-পাচলিৰ খেতি তহিলং কৰে এজাক বন্যহস্তীয়ে ৷ কৃষকৰ সপোন ভাঙি চূৰমাৰ কৰে হাতীৰ জাকটোৱে ৷

wild elephant destroyed vegetables
বাক্সাত শাক-পাচলিৰ খেতি তহিলং বন্যহস্তীৰ

By

Published : Jan 18, 2021, 3:22 PM IST

বৰপেটাৰোড,18 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে বাক্সাতো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ বাক্সাৰ ভিন্ন প্ৰান্তত মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ জাক এটাই তাণ্ডৱ চলাই বিলাহী, জলকীয়া, বেঙেনা আদি শাক-পাচলিৰ খেতি তহিলং কৰে ৷

বাক্সাত শাক-পাচলিৰ খেতি তহিলং বন্যহস্তীৰ

বন্যহস্তীৰ জাকটোৱে দেওবাৰে নিশা বাক্সাৰ ওদালগুৰি আৰু বালিপুৰত কৃষকৰ দ্বাৰা উৎপাদিত বহু বিঘা শাক-পাচলিৰ খেতি নষ্ট কৰাৰ ফলত এতিয়া মূৰে-কপালে হাত দিছে দৰিদ্ৰ কৃষকসকলে ৷ কৃষকৰ সপোন ভাঙি চূৰমাৰ কৰিলে বনৰীয়া হাতীৰ জাকটোৱে ৷

হাতীৰ জাকটো খেদিবলৈ গাঁওবাসীয়ে আপ্ৰাণ চেষ্টা চলাইছে যদিও বিফল হয় ৷ দীৰ্ঘদিন ধৰি বন্যহস্তীৰ সমস্যাত ভুগি থকা গাঁওবাসীয়ে বন বিভাগক অৱগত কৰে যদিও এই বিষয়ত বন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক :চতিয়াত গঁড়ৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details