অসম

assam

ETV Bharat / state

জনীয়াত কৃষকৰ মাজত শাক-পাচলিৰ বীজ বিতৰণ - ছেলকু ফাউণ্ডেছন

ছেলকু ফাউণ্ডেছন আৰু জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ গৰাকী কৃষক হিতাধিকাৰীৰ মাজত শাক-পাচলিৰ বীজ বিতৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

জনীয়াত কৃষকৰ মাজত শাক-পাচলিৰ বীজ বিতৰণ
জনীয়াত কৃষকৰ মাজত শাক-পাচলিৰ বীজ বিতৰণ

By

Published : Jun 22, 2021, 9:05 PM IST

জনীয়া, 22 জুন :বৰপেটা (Barpeta) জিলাৰ ৪৪ নং জনীয়া বিধানসভা সমষ্টি (Legislative Assembly)ৰ অন্তৰ্গত জনীয়াত ছেলকু ফাউণ্ডেছনৰ উদ্যোগত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত মঙলবাৰে প্ৰায় অৰ্ধ শতাধিক কৃষক হিতাধিকাৰীৰ মাজত নানা ধৰণৰ উন্নত জাতৰ শাক-পাচলিৰ বীজ বিতৰণ কৰা হয় ৷ সংস্থা দুটাই জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ গৰাকী কৃষক হিতাধিকাৰীৰ মাজত শাক-পাচলিৰ বীজ বিতৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ এই উদ্দেশ্যৰে আজি সংস্থা দুটাই প্ৰায় অৰ্ধ শতাধিক কৃষক হিতাধিকাৰীৰ মাজত বীজ বিতৰণ কৰে ৷

জনীয়াত কৃষকৰ মাজত শাক-পাচলিৰ বীজ বিতৰণ

জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ কাৰ্যালয় প্ৰাংগণত বিতৰণ কৰা শাক-পাচলি বীজৰ ভিতৰত আছিল ক্ৰমে জিকা ১১০ গ্ৰাম, ভেণ্ডি ১০ গ্ৰাম, তিতা কেৰেলা ১০ গ্ৰাম, লেচেৰা ১০গ্ৰাম, পানী লাউ ১০গ্ৰাম, মিঠালাউকে আদি কৰি ছয়বিধ উন্নত মানৰ পাঁচলিৰ বীজ ।

লগতে পঢ়ক :মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা

ABOUT THE AUTHOR

...view details