অসম

assam

ETV Bharat / state

বৰপেটাত পৰিলক্ষিত লক ডাউনৰ ভিন্ন দৃশ্য - বৰপেটা জিলা

দেশত অব্যাহত লক ডাউনে বৃহস্পতিবাৰে দ্বিতীয় দিন অতিক্ৰম কৰে ৷ ৰাজ্যৰো বিভিন্ন জিলাত লক ডাউনৰ প্ৰভাৱ পৰা দেখা যায় ৷ বৰপেটা জিলাৰ ভিন্ন অংশত ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে পৰাৰ বিপৰীতে আন একাংশত বাহিৰলৈ ওলাই অহা ৰাইজক লাঠীচালনাৰে নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে ৷ জনিয়াত লক ডাউনৰ ফলত খেতিয়কসকলে মুৰে-কপালে হাত দিবলগীয়া অৱস্থা সৃষ্টি হৈছে ৷

Various scanerio of barpeta during lockdown assam etv bharat news
লক ডাউন

By

Published : Mar 26, 2020, 5:06 PM IST

বৰপেটা,26 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ বাবে লকডাউন চলি থকাৰ মাজতে বৃহস্পতিবাৰে বৰপেটাৰোডৰ বজাৰ এলেকাত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ছেনিটাইজেচন কৰা হয় ৷ বৰপেটাৰোড পৌৰসভা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ উদ্যোগত চহৰখনৰ বিভিন্ন দোকান-পোহাৰকে ধৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে নলা নৰ্দমা আদিত ছেনিটাইজেচন কৰি বীজাণুমুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷

কঠোৰ প্ৰশাসন

ইফালে,লকডাউনৰ সময়তে বৰপেটাৰোড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ একাংশ লোকক নিৰ্দেশনা অমান্য কৰি বাহিৰলৈ অহাৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন ছজন লোক হৈছে ক্ৰমে-ৰূপেশ মণ্ডল,উত্তম সূত্ৰধৰ,বিশ্বজিৎ সূত্ৰধৰ,গোবিন্দ মণ্ডল,কৃষ্ণা কৰ্মকাৰ আৰু অৰুণ দাস বুলি জানিব পৰা গৈছে ৷ লোককেইজনৰ ঘৰ বৰপেটাৰোডৰ সমীপৰ খৈৰাবাৰীত ৷ আনহাতে,বৰপেটাৰ বজালীত দেখা গৈছে এক বিপৰীত ছবি ৷ লক ডাউনৰ সুযোগ লৈ বৃহত্তৰ বজালীৰ একাংশ লোকে গেলামালৰ দোকানসমূহ আড্ডাস্থলীলৈ পৰ্যবসিত কৰিছে ৷ আন একাংশ সন্ধিয়া বাহিৰলৈ অহাৰ অজুহাত বিচাৰি ব্যস্ত হৈ পৰিছে ৷ ৰাইজৰ অমনোযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ পাঠশালাৰ আৰক্ষী বিষয়া চন্দন ৰাউটৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বজালীৰ বিভিন্ন গাঁও পৰিদৰ্শন কৰি ঘৰৰ বাহিৰত থকা ৰাইজৰ ওপৰত লাঠীচালনা কৰে l লগতে,বৰপেটা জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে অনাহকত বাহন চলাই ফুৰা লোকসকলৰ বিৰুদ্ধে গ্ৰহণ কৰে কঠোৰ পদক্ষেপ ৷

ইফালে,লক ডাউনৰ পূৰ্ণ প্ৰভাৱ পৰে জনিয়া সমষ্টিত ৷ জনিয়াৰ অন্তৰ্গত বৰভিটা গাওঁ পঞ্চায়তৰ এলেকাধীন চানমামা গাঁৱৰ পাচলি খেতিয়কসকলৰ মাজত লক ডাউনৰ বাবে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৷ খেতিয়কসকলে কৰা হেজাৰ হেজাৰ বিঘা তিতা কেৰেলা,বেঙেনা,জলকীয়া,বন্ধাকবিকে ধৰি বিভিন্ন পাচলি বজাৰলৈ নিব নোৱাৰাৰ ফলত মুৰে কপালে হাত দিছে খেতিয়কসকলে ৷ লক ডাউনৰ মাজতো খেতিয়কসকলক পাচলি বিক্ৰীৰ সুবিধা দিবলৈ আহ্বান জনাইছে প্ৰশাসনক । অন্যথা ঋণ পৰিশোধৰ বিকল্প ব্যৱস্থা নাথাকিব খেতিয়কসকলৰ ৷

লক ডাউনৰ ভিন্ন দৃশ্য

লগতে চাওকঃকোকৰাঝাৰত গাঁৱে গাঁৱে ৰাইজৰ লক ডাউন

ABOUT THE AUTHOR

...view details