অসম

assam

ETV Bharat / state

বৰপেটাত ভি টু শ্বপিং মল কৰ্মচাৰীৰ প্ৰতিবাদ - প্ৰাপ্য নোপোৱা পৰ্যন্ত অব্যহত থাকিব প্ৰতিবাদ

বৰপেটাৰ ভি টু শ্বপিং মলৰ কৰ্মচাৰীসকলে প্ৰাপ্য ধনৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখাৰ অভিযোগত মলখন বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য নোপোৱা পৰ্যন্ত মলটো বন্ধ কৰি ৰাখিব বুলি উল্লেখ কৰে ৷

কৰ্মচাৰীৰ প্ৰতিবাদ
কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Feb 8, 2020, 4:47 PM IST

বৰপেটা, 8 ফেব্ৰুৱাৰীঃবৰপেটা চহৰৰ ভি টু শ্বপিং মল বন্ধ কৰি, কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি, তেওঁলোকৰ প্ৰাপ্য ইন্টেনচিভৰ ধনৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিছে কৰ্তৃপক্ষই ৷ ইয়াৰোপৰি মলটোত থকা সামগ্ৰীত 10 লাখ টকাৰ অমিল পাই মল কৰ্তৃপক্ষই, এনে খেলিমেলিৰ বাবে কৰ্মচাৰীসকলৰ পৰা ধন কাটি ৰাখিব বিচৰাৰ অভিযোগ উত্থাপন কৰি এই কাৰ্যৰ প্ৰতিবাদ জনায় ৷

বৰপেটাত ভি টু শ্বপিং মল কৰ্মচাৰীৰ প্ৰতিবাদ

এইবোৰৰ উপৰিও উপহাৰ কুপন খেলৰ নামত মল কৰ্তৃপক্ষই গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰো অভিযোগ কৰ্মচাৰীসকলৰ ৷ বিগত দুৰ্গা পূজাৰ সময়ত এহেজাৰ টকাৰ বজাৰ কৰা সকলক একোটাকৈ লাকী ড্ৰ' প্ৰদান কৰি এই উপহাৰ কুপন খেলখনত চাৰিচকীয়া দামী গাড়ীৰ লগতে মটৰ চাইকেল আৰু অন্যান্য উপহাৰ সামগ্ৰী আগবঢ়োৱা হ'ব বুলি ঘোষনা কৰিছিল ৷ কিন্তু দুৰ্গা পূজা পাৰ হৈ যোৱাৰ কেইবা মাহৰ পিচতো খেলখন আজিলৈ অনুষ্ঠিত নকৰিলে কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য নোপোৱা পৰ্যন্ত মলটো বন্ধ কৰি ৰাখিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক ঃ নগাঁও আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী

ABOUT THE AUTHOR

...view details