বৰপেটা, 14 ছেপ্তেম্বৰ: বৰপেটা জিলাত ইউৰিয়া সাৰৰ নামত ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৃষক ৰাইজৰ । সমগ্ৰ জিলাখনতেই ৰাজ সাহাৰ্যৰ ইউৰিয়া সাৰৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও সম্প্ৰতি জিলাখনত 266 টকাৰ প্ৰতি বস্তা ইউৰিয়া সাৰ বজাৰত বিক্ৰী হৈ আছে 500-550 টকা পৰ্যন্ত ।
কৃষকৰ অভিযোগ অনুসৰি, 266 টকাৰ প্ৰতি বস্তা ইউৰিয়া সাৰৰ লগত বিক্ৰী হৈ আছে কৃষকৰ বাবে অপ্ৰয়োজনীয় আন দুই প্ৰকাৰৰ 1000 টকীয়া ৰাসায়নিক সাৰ । ফলত খুচুৰা ব্যৱসায়ী আৰু কৃষকে যদি অন্য দুই প্ৰকাৰৰ সাৰ নলয়,তেন্তে এবস্তা ইউৰিয়া সাৰ 500ৰ পৰা 550 টকাত কিনিবলগীয়া হৈছে ।