বৰপেটা,4 মাৰ্চঃ ৰাজ্যত নিৰ্বাচনীৰ গৰম বতাহ বলি থকাৰ মাজতে এইবাৰ চেঙা সমষ্টি উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছে ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেল চমুকৈ VPI দল ৷ চাৰিবাৰৰ কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদক বাহিৰ কৰি VPI দলৰ যুৱনেতা জছিম খানক চেঙা সমষ্টিত অন্তৰ্ভূক্ত কৰিবলৈ মন মেলিছে ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেল দলে ৷ যাৰ বাবে সঘনে এতিয়া চেঙা সমষ্টিৰ চুকে-কোণে দেখিবলৈ পোৱা গৈছে VPI দলৰ সাম্ভাব্য প্ৰাৰ্থী জছিম খানক ৷
শুকুৰ আলী OUT জছিম খান IN চাৰিবাৰৰ কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদৰ কাৰ্যকালত চেঙা সমষ্টিত কোনো ধৰণৰ উন্নয়ন পৰিলক্ষিত নোহোৱাৰ অভিযোগ দলটোৰ ৷ সেয়ে এইবাৰ চেঙা সমষ্টিৰ উন্নয়নৰ হকে ওলাই আহিছে VPI দলৰ সাম্ভাব্য প্ৰাৰ্থী জছিম খান ৷
চেঙাৰ ৰৌমাৰী পথাৰত স্থানীয় ৰাইজৰ সৈতে জছিম খানে মত বিনিময় কৰি বান সমস্যা, দ্বি-ভোটাৰৰ সমস্যা, নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । প্ৰতিজন ভোটাৰক প্ৰতিমাহে ৬ হাজাৰ টকাকৈ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে দলটোৰ সাম্ভাব্য প্ৰাৰ্থী গৰাকীয়ে ।
কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়ক শুকুৰ আলী আহমেদক ক্ষুৰধাৰ সমালোচনা কৰি একাংশ স্থানীয় লোকে এইবাৰ VPI দলৰ যুৱনেতা জছিম খানক চেঙা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত কৰিব বুলি মন্তব্য কৰে । আনহাতে, ৰৌমাৰী পথাৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ জছিম খানক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়কঃদিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ