পাঠশালা , 15 মে': শিক্ষা নগৰী পাঠশালাৰ মান অক্ষুণ্ণ ৰাখিলে পাঠশালা জাতীয় বিদ্যালয়ৰ ছাত্ৰ উদিপ্ত কলিতাই ৷ পাঠশালা মিলনপুৰ বাসিন্দা তথা শিক্ষক মতিন্দ্ৰ কলিতাৰ পুত্ৰ উদিপ্ত কলিতাই সৰ্বমুঠ 584 নং লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
প্ৰশাসনিক বিষয়া হোৱাৰ মন দশম স্থানপ্ৰাপ্ত উদিপ্তৰ - etv bharat assam
পাঠশালাৰ মিলনপুৰত অৱস্থিত জাতীয় বিদ্যালয়ৰ এক অতি সাধাৰণ পৰিবেশৰ পৰা উদিপ্তই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্বাভাৱিকতেই উদিপ্তৰ এই সাফল্যত বিদ্যালয়খনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক তথা অভিভাৱকসকলে উদিপ্তকলৈ পাঠশালাৰ ৰাজপথত এক সমদল উলিয়ায় ৷
ভৱিষ্যতে এগৰাকী সু নাগৰিক আৰু প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে উদিপ্তই লগতে উদিপ্তই বজালী মহাবিদ্যালয়ত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ৷ ইপিনে এই সফলতাৰ ক্ষেত্ৰত উদিপ্তৰ পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিশেষভাৱে সহায় কৰিছিল বুলি উদিপ্তই জনায় ৷ উল্লেখযোগ্য যে পাঠশালাৰ মিলনপুৰত অৱস্থিত জাতীয় বিদ্যালয়ৰ এক অতি সাধাৰণ পৰিবেশৰ পৰা উদিপ্তই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্বাভাৱিকতেই উদিপ্তৰ এই সাফল্যত বিদ্যালয়খনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক তথা অভিভাৱকসকলে উদিপ্তকলৈ পাঠশালাৰ ৰাজপথত এক সমদল উলিয়ায় ৷