অসম

assam

ETV Bharat / state

Electric Meter Tampering: বিদ্যুতৰ ডিজিটেল মীটাৰ টেম্পাৰিং কৰি বৰপেটাত আৰক্ষীৰ জালত দুজন - APDCL meter tampering

বিদ্যুতৰ মীটাৰ টেম্পাৰিং কৰি আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ দুজন লোক ৷ লোক দুজনে বৰপেটাত বাহৰ পাতি মটীৰ টেম্পাৰিঙৰ কাম অব্যাহত ৰাখিছিল (Meter Tampering in Barpeta)৷

Electric Meter Tampering
বিদ্যুতৰ ডিজিটেল মীটাৰ টেম্পাৰিং কৰি বৰপেটাত আৰক্ষীৰ জালত দুজন

By

Published : Nov 2, 2022, 1:52 PM IST

বৰপেটা, ২ নৱেম্বৰ : বিদ্যুতৰ বিলে গ্ৰাহকক জ্বলাকলা খুৱাই থকাৰ মাজতে এইবাৰ বৰপেটাত বিদ্যুতৰ মীটাৰ টেম্পাৰিঙেৰে APDCLক মাধমাৰ শোধোৱাৰ লক্ষ্য একাংশৰ (Meter Tampering in Barpeta)৷ বিদ্যুতৰ ডিজিটেল মীটাৰ টেম্পাৰিং কৰি বৰপেটাত আৰক্ষীৰ জালত পৰিল দুজন লোক ৷

বিদ্যুতৰ মীটাৰ টেম্পাৰিঙৰ অভিযোগত আৰক্ষীৰ জালত পৰা দুই অভিযুক্ত হৈছে মীৰচান আলী আৰু মকৰম আলী ৷ ধুবুৰীৰ আইৰনজংলা গাঁৱত ঘৰ দুই অভিযুক্তৰ ৷ ধুবুৰীৰ পৰা আহি বৰপেটাত বাহৰ পতা এই দুই অভিযুক্তই বৰপেটাৰ কেবাটাও উদ্যোগৰ বিদ্যুতৰ মীটাৰ টেম্পাৰিং কৰিছিল ৷

বিদ্যুতৰ মিটাৰ টেম্পাৰিং কৰাৰ ফলত গ্ৰাহকজনে যি পৰিমানৰ বিদ্যুৎ খৰচ কৰে, সেই অনুসৰি আহিবলগীয়া বিলতকৈ কম পৰিমাণৰ বিদ্যুতৰ বিল আহে গ্ৰাহকজনলৈ ৷ ফলত ৰাজহৰ ক্ষেত্ৰত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, চমুকৈ APDLC ৷

বিদ্যুতৰ বিল কমোৱাৰ বাবে এই দুই অভিযুক্তই বিশেষ কৌশল অৱলম্বন কৰি মীটাৰ টেম্পাৰিঙৰ জৰিয়তে APDCLক মাধমাৰ শোধাই আহিছিল ৷ APDCL কতৃপক্ষই এই চক্ৰটোৰ বিষয়ে জানিব পাৰি বৰপেটা আৰক্ষীৰ সহযোগত অভিযান চলাই মীটাৰ টেম্পাৰিং কৰি থকা অৱস্থাতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Arrested for meter Tampering) ৷

বিদ্যুতৰ ডিজিটেল মীটাৰ টেম্পাৰিং কৰি বৰপেটাত আৰক্ষীৰ জালত দুজন

ইপিনে বৰপেটাৰ কোন কোন উদ্যোগ আৰু ঘৰুৱা সংযোগ থকা পৰিয়ালে মীটাৰ টেম্পাৰিঙৰ জৰিয়তে বিদ্যুতৰ বিলৰ ধন আত্মসাৎ কৰি আহিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে (APDCL meter tampering)৷ আৰক্ষীৰ অনুসন্ধানত বৰপেটাৰ লগতে ৰাজ্যৰ আৰু কোন কোন জিলাত এইদৰে বিদ্যুতৰ মীটাৰ টেম্পাৰিং হৈছিল সেই সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :IT Department raid: ব্যৱসায়ী তথা ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details