জনিয়া, 23 আগষ্ট :2026 ত অসম বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে ৷ প্ৰাক্তন সাংসদ নৱ শৰণীয়াইয়ো যোগদান কৰিব তৃণমূল কংগ্ৰেছত । বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টি (44 Jania Assembly Constituency)ৰ অন্তৰ্গত জনিয়াত আগন্তুক নিৰ্বাচন সন্দৰ্ভত দলটোৰ এখন পৰ্যৱেক্ষক সভাত এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ একাংশ নেতৃত্বই ।
তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সদস্য টুডো আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত পৰ্যৱেক্ষক সভাখনত বিগত বিধানসভা নিৰ্বাচনত ১৬ টা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে কি কাৰণত পৰাজয় বৰণ কৰিবলগীয়া হ’ল তাৰ ওপৰত বিতংভাৱে পৰ্যালোচনা কৰা হয় । ইপিনে জনিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰে সাংবাদিকৰ আগত কয় যে, বৰ্তমান গো-হত্যা নিবাৰণৰ নামত, স্কুল-মাদ্ৰাছাৰ মুছলমান ছাত্ৰ-ছাত্ৰীৰ বৈষম্যতাৰ নামত, ধৰ্মীয় বিভাজনৰ নামত অসমত অৰাজকতাৰ সৃষ্ট হৈছে, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ হৈ আছে । অসমত এই সাম্প্ৰদায়িকতাৰ বীজ ধ্বংস কৰিব নোৱাৰিলে অসমখন ৰসাতলে যাব ।