অসম

assam

30th October Serial Blast : ন্যায়ৰ অপেক্ষাত বৰপেটাৰোডৰ বোমা বিস্ফোৰণত নিহতৰ পুত্ৰৰ

ৰাজ্য়জুৰি অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতলৈ শ্ৰদ্ধাঞ্জলি । নিহতৰ পৰিয়ালৰ সদস্য়ই ক'লে, "আমি মৰি মৰি জীয়াই আছো । "

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 9:54 PM IST

Published : Oct 30, 2023, 9:54 PM IST

Tributes to October 30 victim
অভিশপ্ত ৩০ অক্টোবৰৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি

অভিশপ্ত ৩০ অক্টোবৰৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি

বৰপেটাৰোড, ৩০ অক্টোবৰ : আজি অভিশপ্ত ৩০ অক্টোবৰ ৷ ২০০৮ চনৰ আজিৰ দিনটোতে বিকট শব্দ আৰু চৌদিশে মৰণকাতৰ আৰ্তনাদত কঁপি উঠিছিল অসমৰ কেইবাখনো চহৰ ৷ দাউদাউকৈ জ্বলি উঠা জুই আৰু ক'লা ধোঁৱাই ছানি ধৰিছিল আকাশ-বতাহ ৷ বৰপেটাৰোডকে ধৰি অসমৰ কেইবা ঠাইত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ ৷ সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত বৰপেটাৰোডত ১৫ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছিল প্ৰায় শতাধিক লোক ৷

সিদিনা অসমৰ ইতিহাসত খোদিত হৈছিল এক ক'লা অধ্যায় ৷ এই বিস্ফোৰণত বাক্সা জিলাৰ খাৰিজা বিজনীৰ লোকো বলি হ'ব লগা হৈছিল ৷ বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত সংঘটিত বিস্ফোৰণত খাৰিজা বিজনী মৌজাৰ বাৰাপেটা গাঁৱৰ আমজাদ আলী আৰু খুদনাবাৰী গাঁৱৰ আবুবক্কৰ ছিদ্দিক নিহত হোৱাৰ লগতে বৰপেটাৰোডৰ চৌধুৰী কমপ্লেক্সৰ সন্মুখত সংঘটিত হোৱা বোমা বিস্ফোৰণত ছামথাইবাৰীৰ দামোদৰ বসুমতাৰী, প্ৰদীপ বসুমতাৰী আৰু ৰবীন বসুমতাৰী নামৰ তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল ৷

নিহত হোৱা লোকসকলৰ পৰিয়ালৰ লগতে আহত লোকসকলে চৰকাৰৰ পৰা কিছুপৰিমাণে আৰ্থিক সাহায্য পাইছিল যদিও সেয়া পৰ্যাপ্ত নাছিল ৷ বৰ্তমান আটাইকেইগৰাকীয়ে ক্ষুদ্ৰ ব্যৱসায় কৰি অতি কষ্টৰে দিন অতিবাহিত কৰি আছে । ভুক্তভোগী লোকসকলে সেই অভিশপ্ত দিনটোৰ কথা মনত পৰিলে আজিও বুকু কঁপি উঠে বুলি কয় ৷ এই প্ৰসংগত আবু বক্কৰ ছিদ্দিকৰ পুত্ৰ ৰুবুল খানে আক্ষেপেৰ কৈছে,"আমি মৰি মৰি জীয়াই আছো ৷ আমি এতিয়াও ন্যায়ৰ অপেক্ষাত আছো ৷ ন্যায় নাপালে আমাৰ শেষ ভৰষা হ’ব সৃষ্টিকৰ্তা ৷ "

ইপিনে,বৰপেটাৰোডৰ বোমা বিস্ফোৰণৰ সেই অভিশপ্ত দিনটোক সুঁৱৰি আজি সন্ধিয়া বোমা বিস্ফোৰণস্থলীত স্থানীয় লোকসকলে মমবাতি প্ৰজ্বলন কৰি নিহত সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক:30th October Serial Blast : ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details