কলগাছিয়াত কোষাগাৰৰ স্থাপনৰ দাবী নাগৰিক সমাজৰ - বৰপেটা
যদি বৰ্তমান কলগাচিয়াত কোষাগাৰ সম্ভৱ নহয় তেন্তে বৰপেটাতেই কলগাছিয়া সংলগ্ন হৈ থকাটো বাঞ্চনীয় বুলি মত পোষণ কৰে ৰাইজে ।
বৰপেটা, 19 আগষ্টঃ কলগাছিয়া মহকুমাত কোষাগাৰৰ দাবী । কোষাগাৰ বিচাৰি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ । বৰপেটাৰ পঞ্চাশ বৰ্গকিলমিটাৰ জোৰা বৃহত্তৰ কলগাছিয়া অঞ্চলৰ লগত উন্নয়ন খণ্ড, ৰাজহ চক্ৰ কাৰ্যালয়, শিক্ষা খণ্ড মহাবিদ্যালয়, শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানা, কেইবা খনো উপ আৰক্ষী চকী আদি কৰি বৃহত্তৰ এলেকাৰ বৃত্তিও লেনদেনৰ মূল মাধ্যম কোষাগাৰ সংস্থাপনৰ দাবী জনায় । সোমবাৰে নবোদয় পুথিভঁৰাল প্ৰাংগনত নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ এম মুজাম্মেল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকী জিলা পৰিষদৰ সদস্য, প্ৰবীণ শিক্ষক, সচেতন মহল উপস্থিত থাকি সবল দাবী উত্থাপন কৰে ৷ লগতে দাবী জনায়, যদি বৰ্তমান কলগাচিয়াত কোষাগাৰ সম্ভৱ নহয় তেন্তে বৰপেটাতেই কলগাছিয়া সংলগ্ন হৈ থকাটো বাঞ্চনীয় বুলি ৰাইজে মত পোষণ কৰে । অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মুজাম্মেল হুছেইন আৰু ৰূপসী ব্লক বিজেপি সভাপতি ।