জনীয়া, ২৯ জুন: কলগাছিয়াৰ দেউকুৰাত শনিবাৰে ৰাইজে এখন ট্ৰেক্টৰ আটক কৰি আৰক্ষীক গতাই দিয়ে । বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকা গুনিয়ালগুৰি আৰু কোকিলা সংযোগী মৰা মানাহৰ ওপৰত নিৰ্মীয়মান পকী দলং খনৰ ৰড সমূহ অবৈধ ভাৱে লৈ যোৱাৰ সন্দেহত ৰাইজে নম্বৰ বিহীন ট্ৰেক্টৰখন আটক কৰে ।
কলগাছিয়াৰ দেউকুৰাত আটক নম্বৰ বিহীন ট্ৰেক্টৰ - bridge
বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকা গুনিয়ালগুৰি আৰু কোকিলা সংযোগী মৰা মানাহৰ ওপৰত নিৰ্মীয়মান পকী দলং খনৰ ৰড সমূহ অবৈধ ভাৱে এখন নম্বৰ বিহীন ট্ৰেক্টৰেৰে লৈ যোৱাৰ সন্দেহত ৰাইজে ট্ৰেক্টৰখন আটক কৰে ।
দলং নিৰ্মাণৰ বাবে অনা ৰড সমূহ চোৰাং বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰি ৰাইজে ট্ৰেক্টৰখন কলগাছিয়া আৰক্ষীক গতাই দিয়ে । উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে আধাৰশিলা স্থাপন কৰা এই দলং খনৰ ঠিকা লাভ কৰিছিল বিধায়ক গৰাকীৰ নিজ পুত্ৰ আৰু জনৈক খন্দকাৰ নামৰ এজন লোকে । অভিযোগ অনুসৰি শামুকীয়া গতিৰে কাম চলি থকা বাবে এই দলংখনৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে । ইপিনে কিছুদিন ধৰি নিৰ্মাণৰ কাম বন্ধ হৈ পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে । দলঙৰ ৰড সমূহ এনেদৰে আন ঠাইলৈ লৈ যোৱাত ৰড সমূহ চোৰাং বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । কলগাছিয়া আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।