Labour shot dead: কাশ্মীৰত সন্দেহজনক সন্ত্ৰাসবাদীৰ গুলীত নিহত বিহাৰৰ শ্ৰমিক
কাশ্মীৰত পুনৰ হিংসাত্মক ঘটনা ৷ বন্দিপোৰা জিলাৰ আজাছ সোণাৱাৰী অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে বিহাৰৰ এজন ১৯ বছৰীয়া শ্ৰমিকক হত্যা কৰে (Labour from Bihar killed in Kashmir)। আৰক্ষীয়ে নিহত শ্ৰমিকজনক বেছাৰ বিহাৰৰ নিবাসী মহম্মদ জলিলৰ পুত্ৰ মহম্মদ আমৰিজ বুলি চিনাক্ত কৰিছে ।
Next Chief Secretary of Assam: ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ
জ্যেষ্ঠ IAS বিষয়া, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ হ’ব অসমৰ পৰৱৰ্তী মুখ্য সচিব (Next Chief Secretary of Assam is Paban Kumar Borthakur) ৷ 1 চেপ্তেম্বৰৰ পৰা পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব ৷
Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি-ৰাজনীতিক-সমাজকৰ্মীৰ ঘৰলৈ গৈ জাতীয় পতাকা প্ৰদান মুখ্যমন্ত্ৰীৰ
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘ঘৰে ঘৰে জাতীয় পতাকা’(Har Ghar Tiranga) কাৰ্যসূচী অনুসৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উৰিব ত্ৰিৰংগ পতাকা ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সমাজকৰ্মীৰ গৃহত উপস্থিত হৈ জাতীয় পতাকা প্ৰদান কৰে (CM visited veteran politician)৷
Indian Army bicycle rally: তেজপুৰৰ পৰা অৰুণাচললৈ সেনাৰ গজৰাজ কৰ্পছৰ চাইকেল ৰেলী
ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ কৰ্পছেও বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া দলৰ চাইকেল ৰেলী আৰম্ভ কৰে (Gajaraj Corps started bicycle rally from Tezpur) । চাইকেল আৰোহীৰ দলটোক ১৩ আগষ্টত অৰুণাচল প্ৰদেশৰ বালিমূহত ৰাজ্যপাল আৰু গজৰাজ কৰ্পছ জি অ’ চিয়ে আদৰণি জনাব ৷
Health and Family Welfare Dept meeting: জন্ম-মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব: মুখ্যমন্ত্রী
এতিয়াৰে পৰা জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব (Birth & death registration to be made completely digital) আৰু জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক প্ৰমাণ পত্ৰ দিব লাগিব (Certificates to be issued to parents & next of kin in case of birth & death) ।