গৃহচহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ
দেওবাৰে গৃহ চহৰতে আক্ৰমণৰ বলি হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল মাজতে নীতিশ কুমাৰ (Bihar CM Nitish Kumar attacked by a man) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাত থকা সুৰুঙাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য দিছে বহুলোকে ৷
ব্যৰ্থ চৰকাৰে 'The Kashmir files'ৰ আশ্ৰয় লৈছে : লুৰীণজ্যোতি গগৈ
নলবাৰীত অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ দাবী, বিজেপি চৰকাৰ কাম কৰাত অসফল হোৱাৰ বাবেই 'দ্যা কাশ্মীৰ ফাইলচ'ৰ দৰে ছবিৰ আশ্ৰয় ল’ব লগীয়া হৈছে ৷ কাশ্মীৰৰ বিতাড়িত হিন্দু পণ্ডিতক সংস্থাপন (establishment of Kashmiri pandits) দিয়াত চৰকাৰক ব্যৰ্থ আখ্যা দি মূল দায়িত্ব সম্পন্ন নকৰি ধৰ্মীয় উন্মাদনাৰ মাজলৈ ঠেলি দিয়া বুলিও চৰকাৰক সমালোচনা লুৰীণজ্যোতি গগৈৰ ৷
হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রীৰ চকীখনৰ সন্মান ৰক্ষা কৰিব লাগে: জিতেন্দ্ৰ সিং
ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে সংখ্যাৰ ফালৰ বিৰোধীৰ জয় এশ শতাংশ নিশ্চিত । এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ । দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা তত্বাৱধায়কগৰাকীয়ে সাংবাদিকৰ আগত ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত এইদৰে কয় (AICC Secretary Jitendra Singh in Guwahati) ৷
Agartala book fair : শুকুৰবাৰৰ পৰা আৰম্ভ ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা
১২ দিনীয়া কাৰ্যসূচীৰে হাপানিয়া আন্তঃৰাষ্ট্ৰীয় মেলা খেলপথাৰত আৰম্ভ হৈছে ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা (40th Agartala Book Fair begins)। উদ্বোধনী অনুষ্ঠানত উপস্থিত বাংলাদেশৰ ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী । কলকাতা, দিল্লী আৰু বাংলাদেশকে ধৰি বিভিন্ন স্থানৰ প্ৰকাশক আৰু বিক্ৰেতাসকলে এই বছৰৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে ।
তামুলপুৰত 61 সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন
আগন্তুক এপ্ৰিল মাহৰ 27ৰ পৰা 29 তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰত অনুষ্ঠিত হ'বলগীয়া 61 সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন(Lai khuta set up of 61th Bodo Sahitya Sabha) ৷ উক্ত অনুষ্ঠানত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷