Assam actor Nipon Goswami: অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই
অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই (Veteran Actor Nipon Goswami is no more) ৷ সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’ল গৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহগৰাকী ৷ মহানগৰীৰ নেমকেয়াৰ হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহ নিপন গোস্বামীয়ে ৷
Sudarshan Theatre in Sivsagar : সুদৰ্শন থিয়েটাৰৰ দৰ্শনীত অবাঞ্চিত পৰিস্থিতি
শিৱসাগৰৰ নামতিত সুদৰ্শন থিয়েটাৰৰ নাট্য দৰ্শনীত অবাঞ্চিত পৰিস্থিতি (Heated situation at Sudarshan Theatre) ৷ থিয়েটাৰ চলি থকাৰ মাজতেই একাংশ সুৰামত্ত লোকে কৰে উদ্ভণ্ডালি ৷ গেলাৰীৰ দৰ্শকৰ অশালীন মন্তব্যত খন্তেক সময়ৰ বাবে বন্ধ হ’ল নাট্য দৰ্শনী ৷
Ganja Seized in Jorabat: মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য
মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja Seized in Jorabat) ৷ শতাধিক পেকেটত জব্দ প্ৰায় ২,৫০০ কিলোগ্ৰাম গাঞ্জা ৷
Amit Shah told about drugs : ড্ৰাগছ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ অমিত শ্বাহৰ
দেশৰ প্ৰতিখন ৰাজ্যতে বৃদ্ধি পাইছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ প্ৰয়োভৰ ৷ প্ৰতিখন ৰাজ্যৰ আৰক্ষী এই ক্ষেত্ৰত কঠোৰ হোৱা স্বত্বেও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ড্ৰাগছ সৰবৰাহ কৰা লোকক ৷ সেয়ে পূৰ্বতকৈ দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আৰু অধিক কঠোৰ হ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah holds meetings with all the states CMs)।
Road accident at Amguri : ধোদৰ আলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
আমগুৰিত নিশা অঘটন ৷ বুধবাৰে নিশা আমগুৰিৰ পৰিবহণ বাছ আস্থানৰ সন্মুখত ধোদৰ আলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Amguri) ৷ ট্ৰেইলাৰ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয় ৷ আহত লোককেইজনক বৰ্তমান চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে ৷