অসম

assam

By

Published : May 29, 2021, 10:53 PM IST

ETV Bharat / state

কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাত ৩ জনৰ মৃত্যু

শনিবাৰে বৰপেটাত ক’ভিডত আক্ৰান্ত হৈ 3 গৰাকী লোকৰ মৃত্যু ৷ জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি ৷

three covid patient died at barpeta
কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত ৩ জনৰ মৃত্যু

বৰপেটা, 29 মে':সমগ্ৰ দেশৰ লগতে ৰাজ্যতো সংহাৰী ৰূপ লৈছে কৰ’ণা মহামাৰীয়ে ৷ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ ৰাজ্যখনৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগী ৷ শনিবাৰৰ দিনটোত বৰপেটা জিলাত 3 গৰাকীকৈ লোক কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ ইয়াকে লৈ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি পালে ৷

কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত ৩ জনৰ মৃত্যু

আনহাতে শনিবাৰে জিলাখনত নতুনকৈ 218 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩৬ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ এইপৰ্যন্ত জিলাখনত মুঠ ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৪৫ গৰাকী ৷ ইয়াৰে ৩২৬৮ জন ক’ভিড ইতিমধ্যে ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ উল্লেখ্য যে, শনিবাৰৰ দিনটোত জিলাখনৰ ৪৫৮৩ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল তাৰ ভিতৰত ২১৮ লোক কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ উক্ত দিনটোত জিলাখনত কৰ’ণাত আক্ৰান্তৰ হাৰ ৪.৭৫ শতাংশ ৷

লগতে পঢ়ক:বৰখাটাত বলেৰ' পিক আপ ভান বাগৰি নিহত এজন

ABOUT THE AUTHOR

...view details