বৰপেটা, ২ মে' : বৰপেটা চহৰৰ বৃন্দাৱনহাটীত সংঘটিত নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰু আন দুগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷ যোৱা দেওবাৰে নিশা বৃন্দাবনহাটীৰ হৰেকৃষ্ণ দাস নামৰ লোকজনক নিজ ঘৰৰ সন্মুখতে ৰিকি দাস নামৰ যুৱকজনে আন তিনিজন যুৱকৰ লগলাগি আক্ৰমণ চলাইছিল ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হৰেকৃষ্ণ দাসৰ বৃহস্পতিবাৰে মৃত্যু হয় ৷
এই ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী আছি মৃত হৰেকৃষ্ণ দাসৰ কন্যা ৷ ঘটনাৰ মূল অভিযুক্ত ৰিকি দাসৰ লগতে তেওঁৰ ভাতৃ বিকি দাস আৰু জয়ন্ত দাসক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে ৷ আনহাতে, সীমান্ত দাস নামৰ আন এজন অভিযুক্ত পলাতক অৱস্থাত থকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
হৰেকৃষ্ণ দাস হত্যাকাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ ! হৰেকৃষ্ণ দাসৰ ঘৰৰ বাৰাণ্ডাত থকা মটৰ চাইকেল এখন পেলোৱাৰ ঘটনাক লৈ চাৰি যুৱকৰে তৰ্কাতৰ্কি হোৱাৰ পিচত যুৱককেইজনৰ মাজৰে ৰিকি দাসে আক্ৰমণ কৰিছিল হৰেকৃষ্ণ দাসক ৷ যুৱককেইজনে আনকি লোকজনৰ কন্যা শিশুটিকো ডিঙিত চেপি মাৰধৰ কৰিছিল ৷ অতি সাধাৰণ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া হৰেকৃষ্ণ দাসৰ মৃত্যুৰ ঘটনাক লৈ বৰপেটা চহৰত অব্যাহত আছে তীব্ৰ চাঞ্চল্য ৷
একাংশ লোকে হৰেকৃষ্ণ দাসৰ মৃতদেহটো অভিযুক্ত ৰিকি দাসৰ ঘৰৰ সন্মুখত থৈ হত্যাকাৰীক গ্ৰেপ্তাৰৰো দাবী জনাইছিল ৷ ইয়াৰ পিচতে শনিবাৰে পুৱতি নিশা গুৱাহাটীত অভিযান চলাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক ৷
লগতে পঢ়ক : বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰহৃত হ'ল সাংবাদিক