জনিয়া, 22 ফেব্ৰুৱাৰী :চুৰি বিদ্যা এক নীৰৱ সাধনা, যেতিয়ালৈকে এই সাধনা নীৰৱে চলি থাকে চোৰে তাৰ গুণ লাভ কৰে আৰু সাধনা আনৰ চকুত পৰিলেই ঔ-কিল ৷ শেহতীয়াকৈ কলগাছিয়াৰ পশ্চিম খাৰবাল্লীত ৰাইজে আটক কৰিলে এটি গভাইত চোৰক (Public caught thief in Kalgasia) ৷ জানিব পৰা মতে, এই চোৰটোৱে ইয়াৰ পূৰ্বে কেইবাবাৰো মোবাইল ফোন, চাইকেল, টকা, গহনা, বাইক আদি চুৰি কৰিছিল বুলি সাংবাদমাধ্যমৰ আগত স্বীকাৰ কৰে ।
ঘটনা অনুসৰি, খাৰবাল্লী গাঁৱৰ ছুৰুত জামালৰ ঘৰৰ পৰা এটা মোবাইল চুৰ কৰি এটা চোৰৰে দৌৰি পলাই যাবলৈ চেষ্টা কৰে ৷ যদিও দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰটোক ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম দি কলগাছিয়া আৰক্ষীক চমজাই দিয়ে । স্থানীয় লোকে আটক কৰা চোৰটো কলগাছিয়া গাঁৱৰ তমছেৰ আলীৰ পুত্ৰ ৰাব্বুল হুছেইন বুলি জানিব পৰা গৈছে ।