জনীয়া, 6 নৱেম্বৰ : কিমান ভয়ংকৰ হ'ব পাৰে ড্ৰাগছ(Drugs) আসক্তি ? ৰাজ্যত দিনক দিনে বাঢ়ি আহিছে নিচাসক্ত ব্যক্তিৰ সংখ্যা ৷ যাৰ ফলত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ আনকি কিছুমান লোকে ড্ৰাগছ সেৱনৰ বাবে চুৰি কাৰ্যৰ দৰে অপৰাধমূলক কামো কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে ৷
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱত শুকুৰবাৰে এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ জানিব পৰা মতে, অঞ্চলটোৰ শ্ল’ বজাৰ এলেকাত AS-15 H-6423 নম্বৰৰ এখন বাজাজ পালচাৰ বাইক কলগাছিয়াৰ পৰা কাউৰজাহি অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাঁহনিৰ মাজত সোমাই পৰে ।
নিয়ন্ত্ৰণ হেৰুওৱা বাইক আৰোহী তিনি যুৱক দুৰ্ঘটনাৰ সময়ত নিচাসক্ত অৱস্থাত আছিল ৷ স্থানীয় লোকৰ অভিযোগ মতে, খৰিচালা বজাৰৰ পৰা মটৰ চাইকেলেৰে আহি যুৱক তিনিজনে এজন পথচাৰীৰ পৰা ম’বাইল কাঢ়ি নিবলৈ চেষ্টা কৰিছিল ৷