অসম

assam

ETV Bharat / state

জনীয়াত নতুন ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ ৰাইজৰ - বৰপেটা জিলা

বৰপেটা জিলাৰ জনীয়াত ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ ৷ 2017 চনৰ পৰা 2020 চনলৈ ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তভূৰ্ক্ত নোহোৱাৰ অভিযোগ ৷

the-newly-published-voter-list-has-unlimited-discrepancies-in-jania
জনীয়াত নতুন ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ ৰাইজৰ

By

Published : Nov 30, 2020, 5:58 PM IST

জনীয়া, 30 নৱেম্বৰ :বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়া সমষ্টিৰ সদ্য প্ৰকাশিত ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ । অভিযোগ অনুসৰি, 2017 চনৰ পৰা 2020 চনলৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই নতুন ভোটৰৰ নাম । বি এল অ সকলে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত নতুনকৈ আবেদন পত্ৰ দাখিল কৰিছিল যদিও কোনো এগৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নোহোৱাত 10 মাহ পিচত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বি এল অ সকলক আবেদন পত্ৰ সমূহ ঘূৰাই দিয়া দেখা গৈছে ।

বিধায়ক ড৹ ৰফিকুল ইছলামৰ প্ৰতিক্ৰীয়া

লগতে পঢ়ক :আজি বাৰাণসীলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অভিযোগ অনুসৰি, বৰপেটা নিৰ্বাচনৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি নতুন ভোটৰ তালিকাত নাম আনিবলৈ সক্ষম হোৱা বুলি অভিযোগ পোৱা গৈছে । বৰপেটা নিৰ্বাচন কাৰ্যালয়ৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কম্পিউটাৰ অপাৰেটৰ অলকেশ ভূঞাই গোপন লেনদেনত এই নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিছে বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে । এইক্ষেত্ৰত জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঘটনাটো দূৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে বৰপেটা জিলা উপায়ুক্ত, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বৰপেটা নিৰ্বাচনী বিষয়াৰ লগত আলোচনা মৰ্মে সমস্যা সমাধান কৰা চেষ্টা কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক :খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

ABOUT THE AUTHOR

...view details