বৰপেটা, ১৪ নৱেম্বৰ: শনিবাৰে ৰাজ্যজুৰি শক্তিৰ উপাসনা অধিষ্ঠাত্ৰী দেৱী মা কালী পূজা অৰ্চনা অনুষ্ঠিত কৰা হৈছে ৷ দীপাৱলীৰ সৈতে পৰম্পৰা অনুসৰি শনিবাৰে বৰপেটাৰ গহিয়াত কালী পূজা অনুষ্ঠিত কৰা হৈছে ৷ মূলতঃ কালী পূজাত মূৰ্তি আৰু বলি-বিধান আৱশ্যক যদিও বৰপেটাৰ সৰুক্ষেত্ৰীৰ গহিয়াত ৬২ বছৰে বলি-বিধান অবিহনে ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈ আহিছে কালী পূজা ৷
এটা ঘটক প্ৰতীকি হিচাপে লৈ স্থানীয় ৰাইজে শক্তিৰ উপসনা কৰি এক আদৰ্শ দেখুৱাই আহিছে ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি এইবছৰো বলি অবিহনে শনিবাৰৰ পৰা সোমবাৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৈষ্ণৱ পৰম্পৰাৰে শ্ৰীশ্ৰী শ্যামা পূজা অনুষ্ঠিত কৰা হৈছে ।