অসম

assam

ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰৰ কাতিমহীয়া পালনামৰ সামৰণি - Kati mahiya paalnaam at Barpeta Satra

বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰে কাতিমহীয়া পালনামৰ সফল সামৰণি ৷ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ ৷

বৰপেটা সত্ৰৰ কাতিমহীয়া পালনামৰ সামৰণি

By

Published : Nov 18, 2019, 12:38 PM IST

বৰপেটা,18 নৱেম্বৰ: সত্ৰীয়া নাম-প্ৰসংগৰে বৰপেটা সত্ৰত সামৰণি পৰিল কাতিমহীয়া পালনামৰ ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত কাতি মাহৰ শেষৰ দিনটোত অৰ্থাৎ দেওবাৰে সন্ধিয়াৰ পৰাই সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, ভকত-বৈষ্ণৱ আৰু ভক্তিপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় পৰম্পৰাগত কাতিমহীয়া নাম ৷ সত্ৰনগৰী বৰপেটাত পৰম্পৰাগতভাৱে পালন কৰা কাতি মাহৰ সৈতে সংপৃক্ত হৈ আহিছে সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰা ৷ বৰপেটাত কাতি মাহৰ সৈতে জড়িত হৈ আছে গুৰুদুজনাৰ অপূৰ্ব সৃষ্টি নাম-প্ৰসংগৰ পৰম্পৰা ৷ সমগ্ৰ ৰাজ্যৰ সত্ৰসমূহত ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি যিদৰে ভাদমহীয়া নাম অনুষ্ঠিত হয়, একেদৰে সত্ৰনগৰী বৰপেটাত ভাদৰ পৰিৱৰ্তে গোটেই কাতি মাহজুৰি অব্যাহত থাকে নাম-প্ৰসঙ্গ ৷ কাতি মাহৰ প্ৰতিটো দিনতে সত্ৰনগৰীৰ হাটীসমূহত থকা থানবোৰত ৰাইজে নাম-প্ৰসংগ অনুষ্ঠিত কৰে ৷

বৰপেটা সত্ৰৰ কাতিমহীয়া পালনামৰ সামৰণি

মাহটোৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ হোৱা পৰম্পৰাগত কাতিমহীয়া পালনাম কাতি আৰু আঘোণ মাহৰ সংক্ৰান্তিৰ দিনা সামৰণি পৰে ৷ পৰম্পৰাগতভাৱে দেওবাৰে সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত নামপ্ৰসংগৰ জৰিয়তে সামৰণি পৰে বৰপেটাৰ ঐতিহ্য আৰু পৰম্পৰাৰ নিদৰ্শন কাতিমহীয়া পালনামৰ ৷

আৰু পঢ়কগুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন কৰা হ'ব লাচিত বৰফুকনৰ বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details