অসম

assam

By

Published : Mar 9, 2020, 5:14 PM IST

Updated : Mar 9, 2020, 7:52 PM IST

ETV Bharat / state

দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত উপস্থিত তৰুণ গগৈ

আজি ভৰদৌল ৷ সমন্বয় সম্প্ৰীতিৰ অনন্য নিদৰ্শন বৰপেটা সত্ৰৰ দৌল মহোৎসৱ উপভোগ কৰিবলৈ সোমবাৰে বৰপেটা সত্ৰত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ মুখ্যমন্ত্ৰী গগৈয়ে বৰপেটা সত্ৰৰ দৌল মহোৎসৱ উপভোগ কৰি সাংবাদিকক কয় যে, বৰপেটাৰ দৌল মহোৎসৱ সঁচাকৈয়ে সুন্দৰ, অনন্য ৷

Tarun Gogoi at Barpeta Satra
দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত উপস্থিত তৰুণ গগৈ

বৰপেটা,9 মাৰ্চঃআজিৰে পৰা আৰম্ভ হৈছে ফাকুৱা মহোৎসৱ ৷ ফাকুৱা উপলক্ষে উদুলি মুদুলি হৈ পৰিছে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উপভোগ কৰিবলৈ বৰপেটা সত্ৰত আহি সমবেত হৈছে অগণন ভক্ত ৷ আজি ভৰদৌল ৷ সমন্বয় সম্প্ৰীতিৰ অনন্য নিদৰ্শন বৰপেটা সত্ৰৰ দৌল মহোৎসৱ উপভোগ কৰিবলৈ সোমবাৰে বৰপেটা সত্ৰত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত উপস্থিত তৰুণ গগৈ

মুখ্যমন্ত্ৰী গগৈয়ে বৰপেটা সত্ৰৰ দৌলমহোৎসৱ উপভোগ কৰি সাংবাদিকক কয় যে, বৰপেটাৰ দৌল মহোৎসৱ সঁচাকৈয়ে সুন্দৰ,অনন্য ৷ প্ৰথমবাৰৰ বাবে দৌল মহোৎসৱ উপভোগ কৰিবলৈ আহি ৰাইজৰ ব্যাপক জন সমাগম আৰু গুৰু দুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি দেখি অভিভূত হৈ পৰে তৰুণ গগৈ ৷ হোলীৰ মুল উদ্দেশ্যই হৈছে প্ৰেম ৷ তেখেতে কয় যে, আমি বিদ্বেষ, ঘৃণা নিবিচাৰো ৷ কৃষ্ণ সংস্কৃতি আৰু গুৰুদুজনাৰ আদৰ্শৰে প্ৰেম বিয়পাব লাগে বুলি প্ৰকাশ কৰে তৰুন গগৈয়ে ৷

আনহাতে, কৰ’ণা ভাইৰাচৰ বাবে বিজেপি দলে হোলী নেখেলিলেও তেখেতে হোলী খেলিব বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷ অৱশ্যে এই ভাইৰাচটোৰ পৰা সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰ উপৰিও ৰাজ্যসভা সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যসভাৰ বিৰোধীদলৰ উমৈহতীয়া প্ৰাৰ্থীৰ বাবে এআইইউডিএফৰ লগত মিত্ৰতা থাকিব ৷ যদিও তেখেতে প্ৰাৰ্থীসকলৰ নাম জনোৱাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক-খহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব !

Last Updated : Mar 9, 2020, 7:52 PM IST

ABOUT THE AUTHOR

...view details