জনীয়া, 31 অক্টোবৰ : ১৮৯ নং চৰ কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জাহিদুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে উত্থাপন কৰিছে বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ ৷ মাহেকত মাত্ৰ ৬-৭ দিনহে বিদ্যালয়ত উপস্থিত থাকে প্ৰধান শিক্ষকগৰাকী ৷ যাৰ বাবে শিক্ষাৰ দিশত ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷
প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ - STUDENT PROTEST AGAINST HEADMASTER
শিক্ষা বিভাগৰ নীতি-নিৰ্দেশনাক কেৰেপ নকৰা বৰপেটাৰ এজন প্ৰধান শিক্ষক । মাহেকত মাথো 6-7 দিন বিদ্যালয়লৈ অহা শিক্ষকগৰাকীৰ স্বেচ্ছাচাৰী নীতিত অতিষ্ঠ হৈ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
প্ৰধান শিক্ষকৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ
উত্থাপিত অভিযোগ অনুসৰি, প্ৰধান শিক্ষকগৰাকীয়ে মাহৰ বাকী দিনকেইটা "ছাৰৰ অফিচৰ কাম আৰু গা ভাল নহয়" বুলি অজুহাত দেখুৱাই প্ৰায়ে বিদ্যালয়ত উপস্থিত নাথাকে ৷ যাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পিতৃতুল্য শিক্ষাগুৰুগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰিব লগা হৈছে প্ৰতিবাদ । প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় ৰাইজে শিক্ষকজনক নিলম্বনৰো দাবী জনায় ।
লগতে পঢ়ক :শ্ৰেণীকোঠাৰ ভিতৰত সংঘটিত প্ৰচণ্ড মাৰপিট পালেগৈ Social Media