অসম

assam

ETV Bharat / state

প্ৰেম আৰু তিনি লাখ টকাৰ বাবে হত্যা ৰুবুল আলীক - murder of Rubul ali in Barpeta

ৰুবুল আলী হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷ ৰুবুল আলী হত্যাকাণ্ডৰ 6 অভিযুক্তক গ্ৰেপ্তাৰ ৷ অৱশেষত, সমগ্ৰ ঘটনা সন্দৰ্ভত 6 অভিযুক্তৰ স্বীকাৰোক্তি (Bahari murder update) ৷

Bahari murder update
ৰুবুল আলী হত্যাকাণ্ড : হত্যাকাণ্ডৰ কথা স্বীকাৰ 6 অভিযুক্তৰ

By

Published : Apr 21, 2022, 10:49 PM IST

বৰপেটা, ২০ এপ্ৰিল :বৰপেটাৰ বহৰিৰ বান্দালী গাঁৱৰ ৰুবুল আলী হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷ ৰুবুল আলী হত্যাকাণ্ডৰ 6 অভিযুক্তক গ্ৰেপ্তাৰ ৷ অৱশেষত, সমগ্ৰ ঘটনা স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ সৈতে জড়িত 6 অভিযুক্তই (Bahari murder update) ৷ ইয়াৰ পূৰ্বে ৰুবুল আলীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত 8 অভিযুক্তক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিচতে অভিযুক্তসকলক 7 দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল ৷

ৰুবুল আলী হত্যাকাণ্ড : হত্যাকাণ্ডৰ কথা স্বীকাৰ 6 অভিযুক্তৰ

ইয়াৰে ভিতৰত 6 জন অভিযুক্তই অৱশেষত সমগ্ৰ ঘটনা স্বীকাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, প্ৰেম প্ৰত্যাখ্যান আৰু টকাৰ লালসাতে হত্যাৰ বলি হ'ল ৰুবুল আলী নামৰ যুৱকজন ৷ ইফালে, ৰুবুল আলী হত্যাকাণ্ড সম্পৰ্কে বৃহস্পতিবাৰে এক সংবাদমেলযোগে সকলো কথা প্ৰকাশ কৰে বহৰিস্থ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগে ৷

উল্লেখ্য যে, বৰপেটাৰ চতলা গাঁৱৰ ৰুবুল আলীয়ে গুৱাহাটীত বি ফাৰ্ম পঢ়ি আছিল ৷ বৰপেটাৰে বান্দালী গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰুবুলৰ ৷ শেহতীয়াকৈ, সৰুক্ষেত্ৰীৰ গৰিয়া চতলা গাঁৱৰ ৰুবুল আলীয়ে শনিবাৰে মাতৃৰ পৰা ১০ হাজাৰ টকা লৈ বান্দালী গাঁৱৰ প্ৰেমিকাক এটা মোবাইলফোন উপহাৰ দিবলৈ ওলাই আহিছিল প্ৰেমিকাৰ ঘৰলৈ ৷

ৰুবুল আলী হত্যাকাণ্ড : হত্যাকাণ্ডৰ কথা স্বীকাৰ 6 অভিযুক্তৰ

বান্দালী গাঁৱৰ প্ৰেমিকাক লগত ব্ৰহ্মপুত্ৰৰ পাৰত ফুৰি আছিল ৰুবুল আলী ৷ সেই সময়তে ইনজামুল নামৰ এজন যুৱক আৰু তেওঁৰ দুই বন্ধু ছাইফুল ইছলাম আৰু দাৰগ আলীয়ে আটক কৰি মাৰধৰ কৰে প্ৰেমিক-প্ৰেমিকাহালক ৷ ইয়াৰ পিচতে যুৱতীগৰকীক ঘৰলৈ যাবলৈ দি ৰুবুল আলীক আৱদ্ধ কৰি দাবী কৰে ৩ লাখ টকা ৷ পিছে ৰুবুল আলীৰ বাবে তিনি লাখ টকা আদায় দিয়াতো সম্ভৱ নহ’ব বুলি কোৱাৰ পিচতে লাল মামুদ খান নামৰ এজন লোকে টেলিফোনত দিয়া নিৰ্দেশ অনুসৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয় ৰুবুলক ৷

হত্যাকাণ্ডটো সংঘটিত কৰে ইনজামুল খান, দাৰগ আলী ওৰফে জাকিৰ আলী, বাদশ্বা মিঞা, ফৰিদুল ইছলাম আৰু ছাইফুল আলীয়ে ৷ আৰক্ষীয়ে জনোৱামতে প্ৰেম আৰু ধনৰ লালসাতে সংঘটিত হয় নৃশংস ঘটনাটো ৷

ৰুবুলৰ প্ৰেমিকাগৰাকীক ইনজামুল নামৰ যুৱকজনে দিছিল প্ৰেমৰ প্ৰস্তাৱ ৷ পিছে প্ৰেমত প্ৰত্যাখিত হোৱা ইনজামুলে মানি ল’ব পৰা নাছিল ৰুবুলৰ সৈতে কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্কক ৷ সেয়েহে নদীৰ পাৰত প্ৰেমিক-প্ৰেমিকা হাল অনৈতিক কাৰ্যত লিপ্ত থকাৰ মিছা অভিযোগ তুলি চক্ৰান্ত কৰি হত্যা কৰিলে ৰুবুলক ৷ মাতব্বৰী কায়দাৰে ধন ঘটাৰ লোভত পৰিয়েই 6 জনকৈ লোকে হত্যা কৰিলে এগৰাকী ২২ বছৰীয়া যুৱকক ৷

ৰুবুল আলীৰ হত্যাৰ সৈতে জড়িত ৬ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৭ দিনৰ আৰক্ষী জিম্মাত লৈছে আৰক্ষীয়ে ৷ ৰাইজে বিচাৰিছে দোষীয়ে উপযুক্ত শাস্তি পাওক আৰু অন্ত পৰক চৰ-চাপৰি অঞ্চলত ঘটি থকা এনে মাতব্বৰী কায়দাৰে ধন ঘটাৰ দৰে অপৰাধৰ ৷

লগতে পঢ়ক :প্ৰেমিকাক ম’বাইল ফোন উপহাৰ দিবলৈ গৈ প্ৰাণ হেৰুৱালে ৰুবুলে

ABOUT THE AUTHOR

...view details