অসম

assam

By

Published : Jul 28, 2022, 8:58 AM IST

ETV Bharat / state

Land-centric disputes: ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত কলগাছিয়া; সাতজন আহত

কলগাছিয়াৰ ৰামপুৰত ভূমি বিবাদৰ ভয়ংকৰ ৰূপ (Land centric disputes in Kalgachia)৷ এবিঘা মাটিৰ কাৰণেই দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ আহত হ’ল 7 জন লোক ৷

Land Dispute incident at Kalgachia
ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট

কলগাছিয়া, 28 জুলাই:বুধবাৰেভূমি বিবাদক কেন্দ্ৰ কৰি কলগাছিয়াৰ ৰামপুৰত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি (Land-centric disputes in Kalgachia)৷ এবিঘা মাটিৰ বাবে দুই ভাতৃৰ পৰিয়ালৰ মাজত সংঘটিত হয় সংঘাট ৷

ঘটনাৰ বিৱৰণ অনুসৰি, ৰামপুৰ গাঁৱৰ ছিদ্দিক আলীয়ে নিজ ভাতৃ ইন্তাজ আলীৰ পৰা 40 বছৰ পূৰ্বে ক্ৰয় কৰিছিল এবিঘা মাটি ৷ কিন্তু মাটিখিনিৰ পঞ্জীয়ন কৰা হোৱা নাছিল ৷ ইমান বছৰ ধৰি ছিদ্দিক আলীৰ পৰিয়ালে মাটিখিনি ভোগ কৰি আহিছিল যদিও পৰৱৰ্তী সময়ত ইন্তাজ আলীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানে ছিদ্দিকৰ পৰিয়ালক মাটিখিনি দিবলৈ অমান্তি হয় ৷ লগতে সেই মাটিখিনিৰ পৰা আঁতৰি থাকিব কয় ছিদ্দিকৰ পৰিয়ালক ৷

প্ৰায় 6 মাহৰ পূৰ্বে এই মাটিখিনিক লৈ দুয়োটা পৰিয়ালৰ মাজত হোৱা আলোচনাত ছিদ্দিকৰ পৰিয়ালে সেই ভূমি নালাগে বুলি কৈ এৰি দিয়ে ৷ কিন্তু ইয়াৰ পিছতে বুধবাৰে সন্ধিয়া ঘৰুৱা কাজিয়াৰ আলম লৈ ইন্তাজ আলীৰ পুত্ৰসহ প্ৰায় 15 জনীয়া এটা দলে ছিদ্দিক আলীৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পৰিয়ালৰ সদস্যক চোকা অস্ত্ৰ, লাঠী আৰু কাঠৰ বাটামেৰে আক্ৰমণ কৰে ৷

ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট

এই আক্ৰমণৰ ঘটনাত আহত হয় সাতগৰাকীকৈ লোক ৷ আহত লোককেইগৰাকী হৈছে ক্ৰমে আনোৱাৰ হুছেইন, জয়ান উদ্দীন, জুৰাণ আলী, মনোৱাৰ হুছেইন, ছানিদুল ইছলাম, জাকিৰ হুছেইন, আশ্ৰাফুল ইছলাম, অমেলা খাতুন, মনোৱাৰা খাতুন, চাইনা খাতুন, নীলিমা খাতুন আৰু ছিলিমা খাতুন (7 people injured at land dispute incident) ৷

সম্প্ৰতি আহত পৰিয়ালটো কলগাছিয়া অসামৰিক চিকিৎসালয়ত (Kalgachia civil hospital) চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে কলগাছিয়া আৰক্ষী থানত এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক:কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট: গুৰুতৰভাৱে আহত 5 জন

ABOUT THE AUTHOR

...view details