বৰপেটা, 5 জানুৱাৰী :যি সময়ত চৰকাৰে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত সু-ব্যৱস্থা অনাৰ বাবে বিভিন্ন আঁচনি মুকলি কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ বিদ্যালয়ত অনিয়মৰ সন্মুখীন হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল (Scam in schools of Assam) ৷ সেয়া লাগিলে মধ্যাহ্ন ভোজন বিতৰণৰ ক্ষেত্ৰতে হওক বা বিদ্যালয়ৰ সু-ব্যৱস্থা,পাঠদান নতুবা ইউনিফৰ্মৰ ক্ষেত্ৰতে হওক ৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়েই এনে অনিয়মৰ সন্মুখীন হ'বলগীয়া হয় ৷ তেনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মাজদিয়া হাইস্কুলত ৷
বিদ্যালয়খনত শিক্ষাৰ্থীক ইউনিফৰ্ম যোগান ধৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে বিদ্যালয়খনত (Scam in uniform distribution at Majdia high school) । বৰপেটা জিলাৰ ভকুৱাটেপাৰ M/S AROS এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে এই অভিযোগ তুলিছে অভিভাৱক তথা অঞ্চলটোৰ সচেতন ৰাইজে ।
চুক্তিপত্ৰত উল্লেখ কৰা কাপোৰৰ নমুনাৰ বিপৰীতে নিম্নমানৰ কাপোৰেৰে ইউনিফৰ্ম চিলাই কৰি যোগান ধৰা হৈছে ছাত্ৰ-ছাত্ৰীক(School Uniform Issue in Barpeta School) । বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা হৈছে এই নিম্নমানৰ ইউনিফৰ্ম । যি ইউনিফৰ্ম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুপযোগী বুলি অভিযোগ উত্থাপন কৰে একাংশ অভিভাৱকে ।