অসম

assam

ETV Bharat / state

Scam in students scholarship: বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই - Harendra Chitra College principal arrested

ৰাজ্যত ছাত্ৰৰ স্ক'লাৰশ্বিপৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Scam in students scholarship)। জালিয়াতিৰে ঈশান উদয় আঁচনিৰ ধন লুণ্ঠন কৰা হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জাকিৰ হুছেইনসহ দুজনক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Scam in students scholarship
বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই

By

Published : Dec 24, 2022, 5:14 PM IST

Updated : Dec 24, 2022, 5:57 PM IST

ঈশান উদয় জলপানিৰ নামত ধন আত্মসাৎ

বৰপেটা,২৪ ডিচেম্বৰ :ৰাজ্যত বিভিন্ন চৰকাৰী আঁচনিৰ নামত কেলেংকাৰী অব্যাহত আছে । এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰণালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে (Scam in students scholarship)। অসমত ঈশান উদয় স্ক'লাৰশ্বিপ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ৰাজ্যত সংঘটিত হৈছে জালিয়াতিৰ ঘটনা । দুষ্টচক্ৰই ৰাজ্যৰ একাংশ মহাবিদ্যালয়ত ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে সৰকাইছে কোটি কোটি টকা ৷

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ভক্তৰডবাৰ হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জাকিৰ হুছেইনক এই ঈশান উদয় স্ক'লাৰশ্বিপৰ দুৰ্নীতিত জড়িত থকাৰ অভিষোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Harendra Chitra College principal arrested) ৷ ঈশান উদয় স্ক'লাৰশ্বীপ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰাণালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত সংঘটিত কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত অধ্যক্ষ ড৹ জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে (Allegation of scam in Ishan Uday Scholarship) ৷ আনহাতে, অধ্যক্ষৰ সৈতে মহাবিদ্যালয়খনৰ কাৰ্যালয় সহায়ক চাহাবুদ্দিনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

বৰপেটা সদৰ আৰক্ষীয়ে কয়াকুছি আৰক্ষী চকীৰ সহযোগত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কাৰ্যালয় সহায়কগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ অধ্যক্ষ ড৹ জাকিৰ হুছেইনসহ দুয়োটা অভিযুক্তকে শনিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷

উল্লেখ্য যে,বৰপেটা আৰু বঙাইগাঁও জিলাৰ কেইবাখনো মহাবিদ্যালয়ত ঈশান উদয় জলপানিৰ নামত একাংশ দালালে অধ্যক্ষ আৰু কৰ্মচাৰীৰ সহযোগত ভূৱা ছাত্ৰ-ছাত্ৰীৰ নাম অন্তৰ্ভূক্তিৰে কোটি কোটি টকা আত্মসাৎ কৰিছিল ৷ ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত এই কেলেংকাৰীৰ তদন্তত কেইবাজনো অধ্যক্ষসহ একাংশ কৰ্মচাৰী আৰু দালাল আৰক্ষীৰ জালত পৰিছে ৷

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বছৰত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ স্ক'লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধা ভিত্তিক স্ক'লাৰশ্বিপ ৷ জানিব পৰা মতে, দুষ্ট চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ'টিপি ব্যৱহাৰ কৰি লগতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী জালিয়াতি কৰি ভুৱা পৰিচয়েৰে ছাত্ৰ-ছাত্ৰীৰ নামত সংঘটিত কৰি আহিছে ভয়াৱহ কেলেংকাৰী ৷

লগতে পঢ়ক:etv comment image Assam CM in Dibrugarh:অসম পেট্ৰ'কেমিকেলৰ নতুন প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Last Updated : Dec 24, 2022, 5:57 PM IST

ABOUT THE AUTHOR

...view details