অসম

assam

ETV Bharat / state

কাঁহ শিল্পৰ নগৰী সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ভোৰতাল

কাঁহ শিল্পৰ নগৰী খ্যাত সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ কাঁহ শিল্প আৰু কাঁহ শিল্পী সকলৰ অৱস্থাৰ বুজ লয় ৷ ইয়াৰোপৰি, মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্থেবাৰীৰ অসম সমবায় কঁহাৰ সংঘৰ কাৰ্যালয়ত এখন সভাৰো আয়োজন কৰে ৷

sarthebari _cm_visit_bell_metal_industray
কাঁহ শিল্পৰ নগৰী সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Nov 3, 2020, 4:40 PM IST

বৰপেটা ৩ নৱেম্বৰ:আজি কাঁহ শিল্পৰ নগৰী খ্যাত সৰ্থেবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্থেবাৰীত উপস্থিত হৈ কাঁহ শিল্প আৰু কাঁহ শিল্পী সকলৰ অৱস্থাৰ বুজ লয় । মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্থেবাৰীৰ কাঁহ শিল্পী কামিনী ডেকা আৰু পুত্ৰ ৰতন ডেকাৰ গঢ়শালত উপস্থিত হৈ কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা কাৰখানা পৰ্যবেক্ষণ কৰে ।

কাঁহ শিল্পৰ নগৰী সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মুখ্যমন্ত্ৰী গৰাকীয়ে কাঁহ শিল্পী সকলে তৈয়াৰ কৰা ভোৰতাল বজাবলৈও চেষ্টা কৰা লগতে কাঁহ শিল্প আৰু শিল্পী সকলৰ কাৰ্যত আপ্লুত হৈ পৰে ।

কাঁহ শিল্পৰ নগৰী সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইয়াৰ পাচতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্থেবাৰীৰ অসম সমবায় কঁহাৰ সংঘৰ কাৰ্যালয়ত উপস্থিত হয় আৰু শিল্প বিধৰ বিকাশ তথা প্ৰসাৰৰ ওপৰতো এখন সভাৰ আয়োজন কৰে ৷

অন্য এক খবৰৰ বাবে: চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা

ABOUT THE AUTHOR

...view details