অসম

assam

ETV Bharat / state

বৰপেটাত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা সভা - শুক্ৰবাৰে বৰপেটাস্থিত

সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে সাৱধনতা অৱলম্বনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সজাগ কৰাৰ প্ৰয়াস বৰপেটা জিলা প্ৰশাসনৰ । শুক্ৰবাৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এখন সজাগতামূলক সভা । সুৰক্ষাৰ বাবে বাইক চলোৱাৰ সময়ত শিক্ষাৰ্থীসকলক হেলমেট পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে প্ৰশাসনৰ বিষয়াসকলে ।

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা সভা
বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা সভা

By

Published : Dec 18, 2020, 7:18 PM IST

বৰপেটা ১৮ ডিচেম্বৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ পৰা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক ৰক্ষা কৰাৰ বাবে তেওঁলোকক সজাগ কৰাতো বৰ্তমান আৱশ্যক হৈ পৰিছে । বহু সময়ত তীব্ৰ বেগত বাইক চলোৱাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ বহু যুৱকে প্ৰাণ হেৰুওৱা পৰিলক্ষিত হয় । সাৱধনতা অৱলম্বন কৰি এনে ভয়াৱহ দুৰ্ঘটনাৰ পৰা কেনেকৈ ৰক্ষা পৰিব পাৰি, সেই সন্দৰ্ভত শুক্ৰবাৰে বৰপেটাস্থিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ফেকাল্টি ক্লাবৰ আহ্বান মৰ্মে জিলাখনৰ পৰিবহণ বিভাগে এখন সজাগতা সভাৰ আয়োজন কৰে ।

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা সভা

এই পথ সুৰক্ষা সজাগতা সভাত উপস্থিত থাকে জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী বিষয়া, জিলা স্বাস্থ্য বিষয়াৰ লগতে পৰিবহণ বিষয়াসকল । ছাত্ৰ-ছাত্ৰীসকলক হেলমেট পৰিধান নকৰাকৈ বাইক নচলাবলৈ আহ্বান জনায় প্ৰশাসনৰ বিষয়াসকলে ৷ উল্লেখ্য যে, চলিত বছৰত বৰপেটাত পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকৰ মৃত্যু হৈছে ৷

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা সভা

সেয়ে, দুৰ্ঘটনা ৰোধৰ প্ৰয়াস হিচাপে বৰপেটা জিলা পৰিবহণ বিষয়া হিমাংশু দাসে জিলাখনত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ এইক্ষেত্ৰত অভিভাৱকসকলকো সজাগ হ'বলৈ আহ্বান জনায় পৰিবহণ বিষয়াগৰাকীয়ে ৷


লগতে পঢ়ক:নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details