অসম

assam

ETV Bharat / state

নিৰ্মাণৰ পাচতেই চপৰা-চপৰে খহিছে পথ - ঠিকাদাৰ তাইজুদ্দিন

সৰুক্ষেত্ৰী সমষ্টিৰ দঙৰকুছি-কালজাৰ-ভলুকাবাৰী পথাৰগাঁও সংযোগী পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত । নিৰ্মাণৰ পিচতেই চপৰা-চপৰে খহিছে পকী পথ ৷ ঠিকাদাৰ তাইজুদ্দিনৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় ৰাইজ ।

নিম্মমানৰ নিৰ্মাণ কাৰ্যৰ পাচতেই চপৰা-চপৰে খহিছে সৰুক্ষেত্ৰীৰ পথ
নিম্মমানৰ নিৰ্মাণ কাৰ্যৰ পাচতেই চপৰা-চপৰে খহিছে সৰুক্ষেত্ৰীৰ পথ

By

Published : Feb 14, 2021, 1:51 PM IST

বৰপেটা,১৪ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে । ৰাজ‍্যৰ স্বকীয় অগ্ৰাধিকাৰ আঁচনি চমুকৈ এছঅপিডি আঁচনিৰ অধীনত জিলাখনৰ দঙৰকুছি-কালজাৰ-ভলুকাবাৰী পথাৰগাঁও সংযোগী পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । প্ৰায় ৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১ কিল’মিটাৰ দৈৰ্ঘৰ পথটোৰ অৱস্থা তেনেই শোচনীয় । ঠিকাদাৰে নামমাত্ৰ শিল-বালি ব্যৱহাৰ কৰি পথটো পকীকৰণ কৰাৰ পিচত চপৰা-চপৰে খহি গৈছে পথটোৰ পিটচসমূহ ৷

নিম্মমানৰ নিৰ্মাণ কাৰ্যৰ পাচতেই চপৰা-চপৰে খহিছে সৰুক্ষেত্ৰীৰ পথ

স্থানীয় ৰাইজৰ অভিযোগ, লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ আশীৰ্বাদত বৰপেটাৰ তাইজুদ্দিন নামৰ ঠিকাদাৰগৰাকীয়ে মুনাফা লাভৰ আশাত বালিৰ ওপৰতে নামমাত্ৰ পকীকৰণ কৰে । নিম্ন মানৰ সামগ্ৰীৰে পথটোৰ নিৰ্মাণকাৰ্য চলোৱাৰ বাবে এইদৰে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই এই অৱস্থা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্ৰত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক হস্তক্ষেপ কৰিবলৈ ৰাইজে আহ্বান জনোৱাৰ লগতে বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ ওপৰত তদন্তৰ দাবী জনাইছে ।

নিম্মমানৰ নিৰ্মাণ কাৰ্যৰ পাচতেই চপৰা-চপৰে খহিছে সৰুক্ষেত্ৰীৰ পথ

উল্লেখ্য যে, ২০১৯-২০ বিত্তীয় বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ‍্যৰ স্বকীয় অগ্ৰাধিকাৰ আঁচনি চমুকৈ এছঅপিডি আঁচনিৰ অধীনত এই পথটোৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ।

লগতে পঢ়ক: দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক

ABOUT THE AUTHOR

...view details