অসম

assam

By

Published : Sep 3, 2021, 7:02 PM IST

ETV Bharat / state

সকলো থাকিও কেনেদৰে গৃহহীন হৈ পৰিল শওপুৰ বাসী ?

ডবা-পিটা বৰষুণৰ মাজতো মুক্ত আকাশৰ তলত পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এইখন অসমৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ শওপুৰৰ বহু পৰিয়াল ৷ কেনেদৰে গৃহহীন হৈ পৰিল পৰিয়াল কেইটা সবিশেষ জানো আহক ৷

river-erosion-making-people-homless-in-kalgasia
সকলো থাকিও কেনেদৰে গৃহহীন হৈ পৰিল শওপুৰ বাসী ?

জনিয়া, 3 ছেপ্টেম্বৰ :ডবা-পিটা বৰষুণৰ মাজত মুকলি আকাশৰ তলত ৰাজপথত আশ্ৰয় লোৱা গৃহহীন লোক হয়তো আপুনি দেখিছে ৷ চহৰে নগৰে এনে বহু দূৰ্ভগীয়া লোকে দিনে-নিশাই অথবা ৰ’দে বৰষুণে মুৰৰ ওপৰত এখন চালি নোহোৱাকৈ অঘৰীৰ জীৱন যাপন কৰিছে ৷ পিছে, পৰিবাৰ তথা ল’ৰা-ছোৱালীৰে একোখন ভৰা সংসাৰ কিম্বা ঘৰ থাকিও এইদৰে এতিয়া পথৰ ওপৰত নেৰা-নেপেৰা বৰষুণৰ মাজত অঘৰীৰ জীৱন কটাইছে এইখন অসমৰে এচাম অসমীয়া লোকে ৷

উল্লেখ যোগ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীৰ এটা সুতিয়ে মোৱামাৰী গাঁৱৰ নামনিত গতি পথ সলনি কৰি যোৱা দুই মাহত কাউৰজাহী, খাৰবাল্লী, আমগুৰী, সুতিৰপাথাৰ আৰু শওপুৰত তীব্ৰ গৰাখহনীয়া সৃষ্টি কৰিছে ৷ ইয়াৰ ফলত কমেও দুই শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ উছন হৈছে ৷ এক কথাত এতিয়া দেউলিয়া হৈ পৰিছে এই অঞ্চলৰ বহু পৰিয়াল ।

সকলো থাকিও কেনেদৰে গৃহহীন হৈ পৰিল শওপুৰ বাসী ?

একেদৰে বিগত ২৪ ঘণ্টাত শওপুৰ গাঁৱৰ আঠটাকৈ পৰিয়ালৰ ভেটি মাটি বেকী নদীয়ে উচন কৰে ৷ উপায়হীন হৈ পৰা পৰিয়াল কেইটাই এতিয়া ডবা-পিটা বৰষুণৰ মাজতো মুক্ত আকাশৰ তলত পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷

সম্প্ৰতি, এই খহনীয়াত উত্তৰ শালমাৰা-আমিনগাঁও বিকল্প ৰাজ্যিক ঘাইপথলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । শুকুৰবাৰে কলগাছিয়া জিলা আমছু আৰু কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা সজাতি দলে উক্ত স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । লগতে ক্ষতিগ্ৰস্ত এই পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ দাবী কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি দুৰ্ভগীয়া ৰাইজৰ অৱস্থাৰ বুজ ল’বলৈ অনুৰোধ জনাইছে দল সংগঠনৰ লগতে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :বানপানীৰ সুযোগ লৈ চন্দ্রপুৰত সক্ৰিয় হৈছে গৰু চোৰৰ চক্ৰ

ABOUT THE AUTHOR

...view details